পাহাৰৰ পৰা নামিল মামা-মামী; তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পৰম্পৰাগত জোনবিল মেলা

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 3:48 PM IST

thumbnail

মৰিগাঁও, 18 জানুৱাৰী : আজিৰে (বৃহস্পতিবাৰ) পৰা ঐতিহ্যমণ্ডিত গোভা দেওঁৰাজ্য জোনবিল মেলা বাকৰিত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পৰম্পৰাগত জোনবিল মেলা । পুৱা মেলাথলীত পতাকা উত্তোলন কৰে ইতিহাস প্ৰসিদ্ধ গোভা ৰজা দ্বীপসিং দেওঁৰজাই ।

পতাকা উত্তোলনথলীতে উদ্বোধন কৰে তিৱাসকলৰ খাদ্য প্ৰণালী শীৰ্ষক এখনি গ্ৰন্থ । এই গ্ৰন্থ উদ্বোধন কৰে তিৱা স্বায়ত্তপৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ন ৰাডু কাকতিয়ে । ইফালে আদৰণি ভাষণ প্ৰদান কৰে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ।

এই পতাকা উত্তোলন কাৰ্যসূচীত হাৰিয়ানা আৰু জম্মু কাশ্মীৰ পৰা অহা দুটা সাংস্কৃতিক দলো উপস্থিত থাকে ৷ ইয়াৰ পিচতে মূল মঞ্চত তিৱা লোকনৃত্যৰ লগতে প্ৰদৰ্শন কৰা হয় হাৰিয়ানা আৰু জম্মু কাশ্মীৰ পৰম্পৰাগত লোক নৃত্যও । এককথাত ক’বলৈ গ’লে প্ৰথম দিনাখনেই তিৱাসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰম্পৰাগত লোক নৃত্যৰে জীপাল হৈ পৰে প্ৰাচীন জোনবিল মেলাৰ বাকৰি ।

উল্লেখ্য যে, এই অনুষ্ঠানৰ আঁতধৰে জোনবিল মেলা পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে । এই সাংস্কৃতিক অনুষ্ঠান মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰাচীন গোভা ৰাজ্যৰ প্ৰতীকী ৰজা দ্বীপসিং দেওঁৰজাকে প্ৰমুখ্যে কৰি কেবাগৰাকী প্ৰতীকী তিৱা ৰজা ।

লগতে পঢ়ক : সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ CM ভিজিলেন্সৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.