ভাৰত জোড়ো ন্যায় যাত্ৰাক চাৰ্কাছ যাত্ৰা আখ্যা সিদ্ধাংকু অংকুৰ বৰুৱাৰ - Kamakhya Prasad Tasa
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-01-2024/640-480-20508260-thumbnail-16x9-kjc.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 14, 2024, 8:06 PM IST
যোৰহাট, 14 জানুৱাৰী: আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাই । সেই অনুসৰি দেওবাৰে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছাই ।
যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই কয় যে সমগ্ৰ অসমৰে প্ৰতিটো সমষ্টিতে যুৱ মৰ্চাই ২৪ জানুবাৰীত এক বৃহৎ বাইক ৰেলী বাহিৰ কৰিব আৰু ২৫ জানুৱাৰীত যুৱ সমাৰোহ অনুষ্ঠিত হ'ব ৷ ২৪ জানুৱাৰীত যোৰহাট সমষ্টিত উলিয়াবলগীয়া বাইক ৰেলীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উক্ত বাইক ৰেলীত ৮০০ৰ পৰা ১০০০ৰ লোকে অংশগ্ৰহণ কৰিব ।
ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক চাৰ্কাছ যাত্ৰা বুলি কটাক্ষ কৰে ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতিগৰাকীয়ে । উক্ত সংবাদমেলত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কামাখ্যা প্ৰসাদ তাছাই কয় যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই অসম তথা উত্তৰ-পূবত কোনোধৰণৰ প্ৰভাৱ নেপেলায় আৰু ’২৪ৰ লোকসভা নিৰ্বাচনত উত্তৰ-পূবত বিজেপিয়ে আশাপ্ৰদক সফলতা লাভ কৰিব ।
লগতে পঢ়ক: কংগ্ৰেছে বিজেপিক কি দিছিল যিটো বিজেপিয়ে কংগ্ৰেছক এতিয়া দিয়া নাই ?