ভূৱন গামৰ ঘৰত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল উপভোগ বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ - বিধান সভাৰ উপাধ্যক্ষ নোমল মমিন
🎬 Watch Now: Feature Video


Published : Nov 19, 2023, 6:09 PM IST
|Updated : Nov 19, 2023, 7:16 PM IST
মাজুলী, 19 নৱেম্বৰ : সমগ্ৰ বিশ্বৰ চকু নিৱদ্ধ ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ চূড়ান্ত খেলখনত ৷ এটাই চিন্তা, কাৰ হ’ব বিশ্বকাপ-2023 ! মটেৰা ষ্টেডিয়ামত অব্যাহত থকা বিশেষ খেলখনলৈ উপভোগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীও উপস্থিত আছে ষ্টেডিয়ামত ৷
ক্ৰিকেটৰ উন্মাদনাৰ পৰা বিৰত থকা নাই বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনো ৷ আন বহু ৰাজনীতিকৰ দৰে ষ্টেডিয়ামলৈ যোৱাৰ পৰিৱৰ্তে নোমল মমিনে খেল উপভোগ কৰিছে বিধায়ক ভূৱন গামৰ ঘৰত ৷ সতীৰ্থ বিধায়কগৰাকীৰ লগত একেলগে বিশ্বকাপৰ চূড়ান্ত খেলখন উপভোগ কৰা দেখা গ’ল নোমল মমিনে ৷ দেওবাৰে দিনৰ দুই বজাৰ পৰা আৰম্ভ হোৱা খেলখন উপভোগৰ সময়ত সংগ দিলে বিজেপিৰ আন একাংশ কৰ্মকৰ্তাই ৷
প্ৰতিগৰাকী ভাৰতীয়ৰ দৰে ভূৱন গামৰ বাসগৃহত খেল উপভোগ কৰাসলকলেও আশা কৰিছে, যাতে বিশ্বকাপ-2023 ভাৰতে লাভ কৰে ৷
লগতে পঢ়ক : ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত গুৱাহাটীবাসী, বিশাল স্ক্ৰীণত চকু থৰ ক্ৰীড়াপ্ৰেমীৰ