thumbnail

ASSA bike rally : আদিবাসীসকলৰ সমস্যা সমাধানৰ দাবীত আছাৰ বাইক ৰেলী

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 2:08 PM IST

লখিমপুৰ, 26 আগষ্ট: সদৌ অসম আদিবাসী ছাত্র সন্থা চমুকৈ আছাৰ উদ্যোগত শনিবাৰে লখিমপুৰত আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে এক বাইক ৰেলী উলিওৱা হয় । আছাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু আঞ্চলিক সমিতিসমূহৰ সহযোগত লখিমপুৰ নগৰৰ ত্যাগক্ষেত্রৰ পৰা এই বাইক ৰেলী উলিওৱা হয় । 

ত্যাগক্ষেত্রৰ পৰা ওলোৱা এই বাইক ৰেলীয়ে জিলাখনৰ 9 খন চাহ বাগিচা পৰিভ্ৰমণ কৰে । আদিবাসীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা, জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা, আদিবাসীসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীত আছাই এই বাইক ৰেলী উলিয়ায়  । 

আছাৰ নেতৃত্বই তেওঁলোকৰ বাবে বিসংগতিমূলক সংৰক্ষণ ব্যৱস্থা, চৰকাৰৰ অৱহেলা আদিত ক্ষোভ প্রকাশ কৰি চৰকাৰক আদিবাসীসকলৰ হকে কাম কৰিবলৈ আহ্বান জনায় ৷ অন্যথা অনাগত সময়ত তীব্র আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক: Jamugurihat News : বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’লে জামুগুৰিহাটৰ ইন্দ্ৰই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.