Asomiya Yuva Mancha Protest : কয়লা চিণ্ডিকেটৰ তদন্তৰ দাবীত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ - Asomiya Yuva Mancha protest in Guwahati
🎬 Watch Now: Feature Video
গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বুধবাৰে মহানগৰীৰ চচলত ৰাজ্যৰ বিভিন্ন সমস্যা সন্দৰ্ভত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Asomiya Yuva Mancha protest against price hikes) । বিশেষকৈ ৰাজ্যত চলি থকা অবাধ কয়লা চিণ্ডিকেট, আন্তঃৰাজ্যিক সীমা সমস্যা, মূল্যবৃদ্ধি আদিকে ধৰি ৰাজ্যৰ আন কেতবোৰ জ্বলন্ত সমস্যাৰ সমধান বিচাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই (Asomiya Yuva Mancha protest in Guwahati) ।
দিনৰ ১১ বজাৰ পৰা ১ বজালৈকে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'-কাৰ্ড লৈ 'মূল্যবৃদ্ধি ৰোধ কৰক','কয়লা চিণ্ডিকেটৰ তদন্ত কৰক', 'আন্তঃৰাজ্যিক সীমাবিবাদৰ স্থায়ী সমাধান কৰক' আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে (Asomiya Yuva Mancha protest against coal syndicate) । বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা একাংশ প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈও চৰকাৰ-বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ মঞ্চৰ সভাপতি যাদৱ গগৈ, কাৰ্যকৰী সভাপতি ধৰ্মকান্ত গগৈ আৰু সচিব প্ৰধান অনুপম শইকীয়াই কয় যে, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম আৰু অৰুণাচলৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি সীমা সমস্যাত ভুগি আহিছে । ইমানৰ পিছতো বিষয়টো সমাধান কৰাত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল । তেনেদৰে ব্যাপক মূল্যবৃদ্ধি, কয়লা চিণ্ডিকেট আদি সন্দৰ্ভত বিভিন্ন সময়ত বাতৰি প্ৰচাৰ হৈ থকাৰ পিছতো বিষয়টো আজি পৰ্যন্ত সমাধান নোহোৱাত গভীৰ ক্ষোভ প্ৰকাশ কৰে মঞ্চৰ নেতৃবৃন্দই ।
ইফালে শাসক দলৰ ছত্ৰছায়াতে ৰাজ্যত অবাধ গতিত কয়লা চিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপন কৰি সন্থাৰ নেতৃবৃন্দই শীঘ্ৰে কয়লা চিণ্ডিকেটৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় । তদুপৰি, অসমত শীঘ্ৰেই আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান আৰু মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে চৰকাৰক দাবী জনায় অসমীয়া যুৱ মঞ্চই । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা কেইবাটাও দাবী সম্বলিত এখন স্মাৰক-পত্ৰ দিছপুৰ থানাৰ এ চি পি হিমাংশু দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক :Apurba Bhattacharya criticized AIUDF: আজমল বাহিনীক তুলাধুনা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ