Junmoni Rabha Accident CBI Investigation : জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণৰ দাবী অসমীয়া যুৱ মঞ্চৰ - Junmoni Rabha accident case investigation to CBI

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 20, 2023, 1:11 PM IST

আমগুৰি, ২০ মে' : সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি জোনমণি ৰাভাৰ ৰহস্যজনক গাড়ী দুৰ্ঘটনা আৰু মৃত্যুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আছে (Junmoni Rabha mysterious death) । ইতিমধ্যে এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে বিভিন্ন দল-সংগঠনে (Junmoni Rabha accident case) । দাবী উঠে চিবিআই তদন্তৰো ।

তাৰ মাজতে শনিবাৰে এক সংবাদমেলযোগে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে (Assam Police DGP GP Singh) জোনমণি ৰাভাৰ দুৰ্ঘটনা-কাণ্ডৰ তদন্তৰ ভাৰ চিবিআইৰ হাতত অৰ্পণ কৰে (Junmoni Rabha accident case investigation to CBI) । তাৰ পূৰ্বে শিৱসাগৰ জিলাৰ আমগুৰিত শনিবাৰে অসমীয়া যুৱ মঞ্চই উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চিবিআইক অৰ্পণৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Asomiya Yuva Mancha protest at Amguri) । লগতে প্ৰতিবাদকাৰীৰ আহ্বান, বাঘৰ দৰে নহয় সিংহৰ দৰে হওক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । চিআইডি আৰু অসম আৰক্ষী সমপৰ্যায়ৰ বুলি অভিহিত কৰি অসমীয়া যুৱ মঞ্চই চিবিআইৰ তদন্তৰ দাবী জনায় ।

আমগুৰি নগৰৰ চাৰিআলিত সংগঠনটোৱে অসম চৰকাৰ হায় হায়, জোনমণি ৰাভাৰ তদন্ত চিবিআইক অৰ্পণ কৰক আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে সংগঠনটোৰ নেতা-কৰ্মীসকল ।

লগতে পঢ়ক :Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত মুখ্যমন্ত্ৰীক কি আহ্বান জনালে একালৰ সতীৰ্থ ৰকিবুল হুছেইনে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.