thumbnail

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 10:52 PM IST

ETV Bharat / Videos

Asian car rally: চিৰাঙত এচিয়ান কাৰ ৰেলীৰ দল

চিৰাং,২৮ ছেপ্টেম্বৰ: চিৰাঙত এচিয়ান কাৰ ৰেলীৰ দল । বৃহস্পতিবাাৰে গুৱাহাটীৰ পৰা উদ্বোধন কৰা দলটোৱে আহি চিৰাঙত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ চম্পা ক্লাৱত । ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটান(বিবিআইএন)ৰ প্ৰতিনিধিৰে নৰ্থইষ্ট ইন্টাৰনেচনেল ট্ৰেড ফেডেৰেচনৰ উদ্যোগত বিবিআইএন এই কাৰ ৰেলীৰ মুল উদ্যেশ্যই হৈছে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যিক দিশত সু-সম্পৰ্ক স্থাপন কৰা ।  

গুৱাহাটী আইআইটিৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ অনুপ গগৈ আৰু জেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ নেতৃত্বত উলিওৱা কাৰ ৰেলীৰ দলটোত ১৭ জন লোকে অংশগ্ৰহণ কৰিছে । তেঁওলোকে বৃহস্পতিবাৰে চিৰাং হৈ ভূটানৰ গেলেফুৰে ৰাজধানী থিম্ফুলৈ যাব আৰু তাৰ পৰা শিলিগুৰি হৈ নেপাল আৰু তাৰপিছত বাংলাদেশত সোমাব । চিৰাঙত বঙাইগাঁও শোধনাগাৰৰ পৰিচালন সঞ্চালক নয়ন কুমাৰ বৰুৱাই ফ্লেগ অফ কৰে কাৰ ৰেলীৰ ।

লগতে পঢ়ক: Poor Road Condition at Moran: পুনৰ নিৰ্বাচনত জিকিলেহে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়ক চক্ৰধৰ গগৈৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.