লোকসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ আশাকৰ্মীৰ - হুংকাৰ আশাকৰ্মীৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:53 PM IST

গুৱাহাটী, ৫ জানুৱাৰী: আশাকর্মী সকলক চৰকাৰীভাৱে স্বাস্থ্য বিভাগৰ কর্মী হিচাবে নিয়মীয়া কৰা, আশাকৰ্মীসকলক কামৰ অত্যধিক বোজাইৰ পৰা ৰেহাই দিয়া, উপযুক্ত সময়ত মজুৰি প্ৰদান কৰা, মজুৰি ২৬ হেজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে ভৱিষ্য়নিধি, গ্রেচ্যুইটি, ইএছআই, পেঞ্চন, স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাসহ সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা আদিৰ দাবী উত্থাপন কৰে শুকুৰবাৰে আশাকৰ্মী সকলে চচলত প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।  

প্ৰতিবাদী কাৰ্যসূচীত হাজাৰ হাজাৰ আশাকর্মীয়ে ন্যায্য প্ৰাপ্তিৰ দাবী জনাই বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানৰে চচলৰ আকাশ বতাহ উত্তাল কৰি তোলে । প্ৰতিবাদী আশাকর্মীসকলে ক্ষোভ প্ৰকাশ কৰি কয়," আমাৰ প্ৰচেষ্টাৰ বাবেই গৰ্ভৱতী মাতৃ, নৱজাতক, শিশু আদিৰ মৃত্যুৰ হাৰ কমিছে। সেইদৰে হ্ৰাস পাইছে জনসংখ্যাৰ বৃদ্ধিৰ হাৰো । কিন্তু সামান্য মাননিৰ বিনিময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অত্যধিক কামৰ বোজাৰে আমাক নির্যাতন চলাইছে । যদিহে শীঘ্ৰে চৰকাৰে আমাৰ এই দাবীসমূহ পূৰণ নকৰে, তেন্তে আমি ২০২৪ লোকসভা নিৰ্বাচনত ভোট প্ৰদানৰ পৰা বিৰত থাকিম ।" তেওঁলোকে কৰ্মবিৰতি পালন কৰাৰো হুংকাৰ দিয়ে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সদৌ অসম আশাকর্মী সস্থাই মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মালৈ দিছপুৰ থানাৰ আৰক্ষী বিষয়াৰ জৰিয়তে এখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:পুত্ৰক দাৰে ঘপিয়াই পিতৃৰো আত্মহত্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.