Thief escape: কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী, বঙাইগাঁও আসামৰিক চিকিৎসালয়ৰ পৰা আচামীৰ পলায়ন

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 6:17 PM IST

thumbnail

বঙাইগাঁও, 22 আগষ্ট : স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই আৰক্ষীৰ নাকৰ তলেৰে পলাল আচামী ৷ বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন এটা আচামীৰ ৷ সোমবাৰে নিশা গৰু চুৰিৰ অভিযোগত বাপি শ্বেখ নামৰ সন্দেহজনক চোৰ এটা ৰাইজৰ ৰোষত পৰিছিল ৷ তাৰ পিচতে ৰাইজে মাৰপিট কৰি চোৰটোক আৰক্ষীক চমজাই দিয়ে ৷ 

বঙাইগাঁও আৰক্ষীয়ে নিশাই আঘাতপ্ৰাপ্ত চোৰটোক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷ কিন্তু চোৰটোৱে চিকিৎসাধীন অৱস্থাতেই সুযোগ বুজি পলায়ন কৰে চিকিৎসালয়ৰ পৰা ৷ জানিব পৰামতে চোৰটোৱে হেণ্ডকাফ খুলি পলায়ন কৰে ৷

ইয়াৰ পিচতে চোৰটোক নেদেখি আৰক্ষীৰ মাজত হুৱা-দুৱা লাগে ৷ আৰক্ষীয়ে চোৰটোক বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ নাপায় ৷ ইতিমধ্যে চোৰটোক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও অদ্যপি শুংসূত্ৰ পোৱা নাই চোৰটোৰ ৷
লগতে পঢ়ক: Thief escaped: স্মাৰ্ট আৰক্ষীক চকুত ধূলি দি যোৰহাট সদৰ থানাৰ পৰা পলাল কুখ্যাত চোৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.