বিশিষ্ট সাংবাদিক ধৈৰ্য হাজৰিকালৈ অৰুণোদয় সন্মান ২০২৩-২৪ - লিডু সাহিত্য সভা
🎬 Watch Now: Feature Video
Published : Dec 27, 2023, 2:25 PM IST
তিনিচুকীয়া,২৭ ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ লিডু বজাৰ হাইস্কুল খেলপথাৰত সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন কৰা অসম সাহিত্য সভা লিডু শাখাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে এখনি সংবাদ মেল সম্বোধন কৰে লিডু সাহিত্য সভাৰ বিষয়ববীয়াসকলে । লিডু সাহিত্য সভাৰ স্থলীত সংবাদমেল সম্বোধন কৰি আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া সাহিত্য সভাৰ স্থান ও অৰুণোদয় দিৱসৰ লগত সংগতি ৰাখি অৰুণোদয় সন্মান ২০২৩-২৪ বৰ্ষত প্ৰতিদিন কাকতৰ বিশিষ্ট সাংবাদিক ধৈৰ্য হাজৰিকাক প্ৰদান কৰাৰ কথা অৱগত কৰে সভাৰ কেন্দ্ৰীয় সভাপতি ও সম্পাদকে ।
লগতে অসম সাহিত্য সভাৰ ১০৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সকলো অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে উক্ত সংবাদমেলৰ জৰিয়তে । ২০২৩-২৫ বৰ্ষৰ সভাই প্ৰতিদিনে অসমীয়া ভাষাটোৰ উত্তৰণৰ বাবে কাম কৰি অহা বুলিও উল্লেখ কৰে সংবাদমেলত ।
লগতে পঢ়ক: দেৱজিৎ হাজৰিকাক সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থাৰ 'অক্লান্ত প্ৰাণ ' বঁটা প্ৰদান