thumbnail

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 1:26 PM IST

ETV Bharat / Videos

নৱবৰ্ষৰ প্ৰাকক্ষণত আহি আছে অৰুন্ধতী ভানু প্ৰিয়াৰ কণ্ঠত মৰমৰ উমান

গুৱাহাটী, 16 ডিচেম্বৰ: শীঘ্ৰে মুক্তি লাভ কৰিব কণ্ঠশিল্পী অৰুন্ধতী ভানু প্ৰিয়াৰ কণ্ঠত এটি নতুন আধুনিক গীত "মৰমৰ উমানৰ" ভিডিঅ' ৷ ইতিমধ্যে গুৱাহাটীত গীতটিৰ দৃশ্য গ্ৰহণৰ কাম অব্যাহত আছে ৷ কিছুমান দিন পূৰ্বে গীতটিৰ অডিঅ’ সামাজিক মাধ্যমযোগে মুক্তি দিয়া হৈছে ৷ ইফালে জানিব পৰা মতে, নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি দিয়া হ'ব গীতটিৰ ভিডিঅ' ৷ 

অৰুন্ধতী ভানু প্ৰিয়াৰ কণ্ঠত ইতিমধ্যে মুক্তি পোৱা "মৰমৰ উমান" গীতটিৰ কথা আৰু সুৰ ৰিয়ান পৰাগৰ, আনহাতে সংগীত প্ৰণয় দত্তৰ ৷ পোষ্টাৰ পাৰ্থজিৎ হীৰাৰ ৷ 

ইফালে, চিত্ৰৱন প্ৰডাকচনৰ বেনাৰত আহিবলগীয়া নতুন অসমীয়া গীত' মৰমৰ উমান'ৰ ভিডিঅ’টো পৰিচালনা কৰিছে অসীম গগৈয়ে ৷ গীতটিত অভিনয় কৰিছে বংকিম শইকীয়া আৰু নিমি কাশ্যপে ৷ গীতটিৰ অডিঅ'টো যিদৰে ৰাইজে আকোঁৱালি লৈছে তেনেদৰে দৰ্শকে গীতটি ভিডিঅ’টোও আদৰি ল'ব বুলি আশাবাদী নৃত্য পৰিচালক অসীম গগৈ তথা কণ্ঠশিল্পী ভানু প্ৰিয়া ৷

লগতে পঢ়ক: শ্ৰী ৰঘুপতিৰ বৃহৎ সাফল্যৰ পাছত এইবাৰ ৰবি শৰ্মাৰ ৰুদ্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.