thumbnail

By

Published : Oct 25, 2022, 10:32 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Arunachali liquor seized: বিহালীত অবৈধ অৰুণাচলী সুৰাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে সুৰাৰ অবৈধ বেহা ৷ সামন্তৰালভাৱে বিহালীতো অব্যাহত আছে অৰুণাচলী সুৰা অবৈধ বেহা ৷ এক গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিহালী আৰক্ষী থানাৰ (Behali Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ নেতৃত্বত এটা আৰক্ষী দলে অভিযান চলাই এখন অৰুণাচলী সুৰা ভৰ্তি বাহন জব্দ কৰে (Arunachali liquor seized at Behali) ৷ লগতে চালকসহ দুজনকৈ লোকক অবৈধ অৰুণাচলী সুৰা সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ৬৫/২০২২ ৰ অধীনত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ B, 379, 420, 34 ৰ জৰিয়তে এক গোচৰ ৰুজু কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে । গ্ৰেপ্তাৰ হোৱা অবৈধ অৰুণাচলী সুৰা সৰবৰাহকাৰী দুজনৰ এজনৰ নাম বিকি বিশ্বকৰ্মা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ইফালে জব্দকৃত অৰুণাচলী সুৰা ভৰ্তি বাহনখন অৰুণাচলৰ পৰা বিহমাৰী হৈ বিহালী ৰঙাগড়ালৈ গৈ আছিল বুলি আৰক্ষীযে জানিবলৈ দিয়ে (Operation against illegal liquor) ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.