thumbnail

Artificial flood in Jonai: মাত্ৰ এঘন্টাৰ বৰষুণত জলমগ্ন হয় জোনাইৰ এই অঞ্চল

By

Published : Jun 21, 2023, 10:37 PM IST

জোনাই,২১ জুন: দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানত বুৰ গৈছে জোনাই গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ড ৷ কৃত্ৰিম বানত বুৰ গৈছে ৱাৰ্ডটোৰ বহু পৰিয়ালৰ ঘৰ-দুৱাৰ,পথ তথা বিদ্যালয় গৃহ ৷ 

‘মাত্ৰ এঘন্টা বৰষুণ দিলে ঘৰৰ ভিতৰত পানী সোমাই ৷ নলোটো কি কাৰণে বন্ধ কৰি ৰাখিছে নাজানো ৷ এটা নলা বন্ধৰ বাবে এই অৱস্থা ৷ ঘৰত পানী সোমোৱাত লৰা-ছোৱালীয়ে স্কুল যাব পৰা নাই, ভাত বনাব পৰা নাই  ৷’’  কৃত্ৰিম বানত ককবকাই থকা ৰাইজৰ এই মন্তব্য ৷
ইফালে ২ নং ৰেলৱে ক’লনি প্ৰাথমিক বিদ্যালয়ত আজি এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ কথা আছিল যদিও বিদ্যালয়খন কৃত্ৰিম বানত বুৰ গৈ থকাত বাতিল কৰিবলগীয়া হয় কাৰ্যসূচী ৷ উল্লেখ্য যে জোনাই গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডত কোনোধৰণৰ বিজ্ঞান সন্মতভাবে নলা-নৰ্দমা নিৰ্মাণ নকৰাত সাধাৰণ বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে এই ক্ষোভ প্ৰকাশ কৰিছে ৱাৰ্ডখনৰ ৰাইজে ৷

লগতে পঢ়ক:Manipur Violence : মণিপুৰ জ্বলাৰ ৫০ দিন পিছতো কৰ্তব্য সম্পাদনত বিফল প্ৰধানমন্ত্ৰী; কংগ্ৰেছৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.