Bhupen Borah on Love Jihad: কৃষ্ণৃ-ৰুক্মিণীৰ বিবাহো লাভ জিহাদ আছিল; ভূপেন বৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 27, 2023, 8:18 PM IST

গুৱাহাটী, ২৭ জুলাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থকা ‘লাভ জেহাদ'ৰ প্ৰসংগত এইবাৰ ইতিহাসৰ পাত লুটিয়ালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । মুখ্যমন্ত্ৰীয়ে কৈ থকা ‘লাভ জেহাদ’ৰ কথা নতুন নহয় বুলি সদৰী কৰি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই মহাভাৰতৰ প্ৰসংগ টানি আনিলে ।  

তেওঁ কয় যে মহাভাৰতৰ উৎসলৈ গ'লে সেইটোকো লাভ জেহাদ বুলিয়ে ক’ব পাৰি । তেওঁ ধৃতৰাষ্ট্ৰই গান্ধাৰীক বিয়া কৰোৱাৰ প্ৰসংগৰে মহাভাৰতৰ যুদ্ধৰ কথা উল্লেখ কৰে । গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰৰ মুখ নাচাও বুলিয়ে চকুত ক’লা কাপোৰ বান্ধিছিল বুলি তেওঁ সদৰী কৰে ।  

লগতে তেওঁ কিদৰে শকুনিয়ে প্ৰতিশোধ লৈছিল তাৰো ব্যাখ্যা আগবঢ়ায় ।  তেওঁ ইয়াৰ উৎসটোক লাভ জেহাদ আখ্যা দিয়ে । সেইদৰে তেওঁ শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক নিবলৈ আহিছিল তেতিয়া অর্জুনে মহিলাৰ বেশ লৈ আহিছিল বুলি সদৰী কৰে । মুখ্যমন্ত্ৰীগৰাকী লাভ জেহাদক লৈ ব্যস্ত হৈ থকাৰ বিপৰীতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা নামৰূপ সাৰ কাৰখানাক লৈ ব্যস্ত হ'লে ভাল হ'ল হয় বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: CM Himanta on Love Jihad: কোনে, কাক বিয়া কৰোৱা উচিত ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত বিবাহ বিধান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.