HSLC exam results 2022 : দশম স্থান লাভ কৰিলে বঙাইগাঁৱৰ অনুভৱ কপিলে - মেট্ৰিকত দশম স্থান লাভ কৰিলে বঙাইগাঁৱৰ অনুভৱ কপিলে
🎬 Watch Now: Feature Video

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ (HSLC exam results 2022) পাছতে উৎসৱমুখৰ পৰিৱেশ বঙাইগাঁৱত । ৰাজ্যৰ ভিতৰতে দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱা অনুভৱ কপিলক লৈ আনন্দিত বঙাইগাঁওবাসী । বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (ইংৰাজী মাধ্যম) পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুভৱ কপিলে সৰ্বমুঠ ৫৮৮ নম্বৰৰ সৈতে এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে (Anubhab Kapil secure 10th rank in HSLC Exam)। বঙাইগাঁও চহৰৰ বি এড কলেজ ৰোডৰ বাগেশ্বৰীপাৰাত ঘৰ ছাত্ৰগৰাকীৰ । অনুভৱৰ এই সফলতাত আনন্দিত পিতৃ টিকেন্দ্ৰনাথ শৰ্মা আৰু মাতৃ ভানু শৰ্মা । ইফালে অনুভৱ কপিলে পঢ়া বিদ্যালয়খনতো আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । শিক্ষক-শিক্ষয়িত্ৰী লগতে শিক্ষাৰ্থীসকলে অনুভৱক বিশেষভাৱে সম্বৰ্ধনা জনায় । এগৰাকী চিকিৎসক হোৱাৰ সপোন আছে অনুভৱ কপিলৰ ।
Last Updated : Feb 3, 2023, 8:23 PM IST