Lat mandal arrested : পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাট মণ্ডল - BRIBERY CASE in assam
🎬 Watch Now: Feature Video
Published : Sep 30, 2023, 2:18 PM IST
বিহপুৰীয়া, 30 ছেপ্তেম্বৰ: ৰাজ্যত অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ দুৰ্নীতি বিৰোধী অভিযান ৷ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাট মণ্ডল । এইবাৰ জালত পৰিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়া ।
এগৰাকী মহিলাৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে নাৰায়ণপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়াৰ বিৰুদ্ধে ৷ জানিব পৰা মতে, নাৰায়ণপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়াই মহিলাগৰাকীৰ পৰা 5 হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি আছিল নিজ গৃহতেই ৷ মহিলাগৰাকীৰ পৰা ধন লৈ থাকোতেই নিজ গৃহতে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে লোটে ধৰে লাট মণ্ডলগৰাকীক । লাট মণ্ডলগৰাকীৰ ঘৰত বৰ্তমানেও আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷
লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়াৰ ঘৰ নাৰায়ণপুৰৰ ধলপুৰত ।
লগতে পঢ়ক : Youth abused in abroad : বহিঃৰাজ্যত শাৰিৰীক মানসিক নিৰ্যাতনৰ বলি অসমৰ যুৱক