Anti-Corruption Branch: দুৰ্নীতি নিবাৰক শাখাৰ জালত ফুড ক্ৰাফ্ট প্ৰধান - One detained for taking bribe
🎬 Watch Now: Feature Video


Published : Oct 19, 2023, 10:46 PM IST
চামগুৰি,১৯ অক্টোবৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । বিভিন্ন সময়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জালত পৰিছে বহু চৰকাৰী বিষয়া-কৰ্মচাৰী । তাৰ পাছতো যেন গা-লৰা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ । এইবাৰ চামগুৰিত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । চামগুৰিৰ ৰঙাগড়াস্থিত ফুড ক্ৰাফ্টত চলালে দুৰ্নীতি নিবাৰক শাখাই অভিযান ।
অভিযানত বিল মুকলি কৰি দিয়াৰ বাবে দুই হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগত আটক কৰে জলেন বৈশ্য নামৰ লোকজনক । চামগুৰিৰ ৰঙাগড়াস্থিত ফুড ক্ৰাফ্টৰ প্ৰধান জলেন বৈশ্যক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে অভিযানকাৰী দলে । চামগুৰি লোকনিৰ্মাণ বিভাগৰ আই বিত জেৰা অব্যাহত ৰাখিছে দলটোৱে । চামগুৰি তিনিআলিৰ পৰা আটক কৰে জলেন বৈশ্যক । চামগুৰিৰ হাঁহচৰাত ভাড়াতীয়া হিচাপে আছিল জলেন বৈশ্য । অভিযানকাৰী দলটোৱে ভাড়াঘৰটোতো অভিযান চলাই যদিও এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ।