Anshuraj Dutta wins gold: ৰাষ্ট্ৰীয় ভাৰোত্তোলনত সোণৰ পদক অৰ্জন অংশুৰাজ দত্তৰ

By

Published : Jun 20, 2023, 8:42 PM IST

thumbnail

যোৰহাট,২০ জুন: ৰাষ্ট্ৰীয় ভাৰোত্তোলনত সোণৰ পদকেৰে উজলিল তিতাবৰৰ অংশুৰাজ দত্ত । ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত ৰাষ্ট্ৰীয় জুনিয়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৫৩ কিলোগ্ৰাম ওজন শাখাত বেঞ্চ প্ৰেছ শিতানত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় যোৰহাট জিলা তিতাবৰ মহকুমা অংশুৰাজ দত্তই ।  

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় অভিলেখেৰে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে তিতাবৰলৈ গৌৰৱ কঢ়িয়াই অনা অংশুৰাজ দত্তই অনুশীলন কৰা মানস'চ ট্ৰান্সফ্ৰমেচন (Manash's Tranformation Gym) জিমত বিৰাজ কৰিছে এক আনন্দ মুখৰ পৰিৱেশে । জিমটোৰ প্ৰশিক্ষক, সহপাঠী, তিতাবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজ সকলো অংশুৰাজ দত্তৰ এই সফলতাত আনন্দিত হৈ পৰা পৰিলক্ষিত হয় । সকলোৱে অংশুৰাজ দত্তক সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে । ইফালে অংশুৰাজে অনুশীলন কৰা মানস'চ ট্ৰান্সফ্ৰমেচন জিমত তিতাবৰৰ মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাৰ লগতে তিতাবৰ ভালেসংখ্যক ক্ৰীড়াপ্ৰেমীয়ে অংশুৰাজক সম্বৰ্ধনা জ্ঞাপন কৰে । 

লগতে পঢ়ক: Jagannath Rath Yatra 2023: জগন্নাথ ৰথযাত্ৰা উপলক্ষে মহানগৰীত উচৱমুখৰ পৰিৱেশ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.