Janardan Dev Goswami Controversy: লেকাম চিঙি বৰ্জিত হ’ল স্বয়ম্ভূ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী - Asom Sattra Mahasabha

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 21, 2022, 8:12 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

যোৱা কেইটামান দিনত ইটোৰ পাছত সিটো বিৰ্তকিত মন্তব্য আগবঢ়াই আহিছে দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱগোস্বামীয়ে (Janardan Dev Goswami Controversy)। ইয়াৰ পাছতেই ৰাজহুৱাভাৱে বৰ্জন কৰা হৈছে বিৰ্তকিত সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীক । সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ(Ankiya Bhaona Samaroh committee) স্মৃতিগ্ৰন্থৰ সভাপতি পদৰ পৰা তৎকালীনভাবে অব্যাহতি দিয়া হৈছে সত্ৰীয়াগৰাকীক । সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য যে, অসম সত্ৰ মহাসভাৰ(Asom Sattra Mahasabha) মাজুলী জিলা সমিতিয়ে ৰাজহুৱা সভাত গ্ৰহণ কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ বাবে সদৌ অসম অংকীয়া ভাওনা সমাৰোহলৈ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু শুকুৰবাৰে বৰ্ধিত কাৰ্যনিৰ্বাহকে সত্ৰীয়াগৰাকীক লৈ গ্ৰহণ কৰা উক্ত প্ৰস্তাৱ কাৰ্যকৰী কৰে । লগতে মাজুলীৰ সমাজ জীৱনৰ পৰা জনাৰ্দন দেৱ গোস্বামীক বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে সদৌ অসম অংকীয়া ভাওনা সমাৰোহৰ সমিতিয়ে গ্ৰহণ কৰে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.