কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপদাপন্ন হলৌ বান্দৰে ক্ৰীড়া কৰাৰ এক নান্দনিক দৃশ্য ভাইৰেল - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 12:32 PM IST

কলিয়াবৰ, 2 ডিচেম্বৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যাৰ মনোৰম দৃশ্যই সকলোকে আকৰ্ষিত কৰি আহিছে ৷ শীতকালত বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পহু-গঁড়-ম'হ-হাতী আদিয়ে মুকলিত ঘাঁহ খাবলৈ আহি পৰ্যটকৰ চকুত সততে ধৰা দিয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি-নামনিলৈ আহ-যাহ কৰা যাত্ৰীয়ে প্ৰায়ে এনে মনোৰম দৃশ্য উপভোগ কৰিবলৈ সুবিধা লাভ কৰে ।

সঘনে এই ৰাষ্ট্ৰীয় পথেৰেই পাৰ হৈ হাতীকে ধৰি বহু অন্যান্য জীৱ-জন্তুৱে কাৰ্বি পাহাৰলৈ সঘনে অহা-যোৱা কৰি থকা দেখিবলৈ পোৱা যায় । এইবাৰ এজনী হাতীয়ে পোৱালিসহ ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা দৃশ্য বন্দী হৈছে সেই পথেৰে কৰ্মস্থলীলৈ নিতৌ অহা-যোৱা কৰা শিক্ষক তথা প্ৰকৃতিপ্ৰেমী মুৰুলী বৰাৰ কেমেৰাত ।

 লগতে তেওঁ কেমেৰাত আৱদ্ধ কৰিছে বিপদাপন্ন হলৌ বান্দৰে ক্ৰীড়া কৰি থকাৰ এক নান্দনিক দৃশ্য । বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দুই ভিডিঅ’ ৷

লগতে পঢ়ক : নৱবৰ্ষক আদৰিবলৈ সাজু জাঁজীমুখৰ হাতীশাল ইক’ পাৰ্ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.