thumbnail

By

Published : Apr 26, 2023, 9:42 AM IST

ETV Bharat / Videos

Sensor Camera at Kaziranga: নিষ্ক্ৰিয় অৱস্থাত কাজিৰঙাৰ ব্যয়বহুল স্পীড মনিটৰিং ব্যৱস্থা

কলিয়াবৰ, 26 এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দক্ষিণ দিশেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবৰ বাবে তিনি বছৰৰ পূৰ্বে স্থাপন কৰা হৈছিল ডিজিটেল স্পীড মনিটৰিং ব্যৱস্থা । যান-বাহনৰ গতিবেগ ঘন্টাত ৪০ কিলোমিটাৰ নিৰ্ধাৰণ কৰি দিয়া হৈছিল । যাৰ ফলত কাজিৰঙাৰ মাজেৰে যোৱা পথত কিছু পৰিমাণে নিয়ন্ত্ৰণ হৈছিল দুৰ্ঘটনাৰ (Sensor Cameras to Monitor Speed Limit in Kaziranga) ।

কিন্তু সেই চেনচৰ কেমেৰাসমূহ বৰ্তমান হৈ পৰিছে নিষ্ক্ৰিয় । কেমেৰাবোৰ বৰ্তমান নিষ্ক্ৰিয় হোৱাত বৃদ্ধি পাবলৈ ধৰিছে যান-বাহনৰ গতিবেগ । ফলত কলিয়াবৰৰ বুঢ়াপাহাৰৰ পৰা কঁহৰালৈকে ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা ৷ এই কেমেৰাবোৰ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন ৰাইজে (Kaziranga National Park) ।

লগতে পঢ়ক : Palash Moran missing case: অৰুণাচলৰ আপাৰ চিংহাঙত উদ্ধাৰ আলফা কেডাৰ পলাশ মৰাণৰ মৃতদেহৰ অৱস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.