Angcha Natya Mela at Manikpur : মানিকপুৰত আজিৰে পৰা দুদিনীয়াকৈ আংচা নাট্যমেলা - বাঁহীবাদক মানিক সিং

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2023, 4:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

বঙাইগাঁও, 29 জানুৱাৰী : বঙাইগাঁও জিলাৰ মাণিকপুৰত দেওবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে আংচা নাট্যমেলা-2023 (Angcha Natya Mela 2023)৷ মাণিকপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘আকাশ গোষ্ঠী’ৰ উদ্যোগত নাট্যকৰ্মী স্বৰ্গীয় প্ৰাণেশ্বৰ পাঠক সোঁৱৰণী দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এক ব্যতিক্ৰমী চিন্তাৰে দিনৰ পোহৰত মনোমহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মাণিকপুৰ লক্ষ্মী মন্দিৰৰ বাকৰিত আৰম্ভ হৈছে এই মেলা ৷

দেওবাৰে এই নাট্যমেলা আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে বিজনীৰ পাৰিষদ প্ৰদীপ কুমাৰ বায়নে (Pradip Kumar Bayan MCLA Manikpur)৷ উল্লেখ্য যে আংচা নাট্য মেলা-2023ৰ প্ৰথমটো দিনত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন নাট্যদলৰ দ্বাৰা নাৰী, সতী জয়মতী, আই লাভ মাই ইণ্ডিয়াৰ লগতে আঠখন নাট মঞ্চস্থ কৰা হয় ৷

নাট্যমেলাৰ দ্বিতীয় দিনা অসমৰ বাহিৰেও কলকাতাৰ পৰা আমন্ত্ৰিত নাট্য দলেও অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে বিগত বৰ্ষসসমূহত প্ৰদান কৰি অহাৰ দৰে ‘আংচা নাট্য মেলা’ৰ লগত সংগতি ৰাখি এইবেলিও উদযাপন সমিতিয়ে স্থানীয় চিত্ৰশিল্পী পবিত্ৰ সৰকাৰক "জীৱনজোৰা শিল্পী সাধনা বঁটা ২০২৩ " প্ৰদান কৰে ৷

বিশিষ্ট বাঁহীবাদক মানিক সিঙক (Flutist Manik Singh Roy) মানপত্ৰ প্ৰদানৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷ উল্লেখ্য যে মাণিকপুৰৰ এক আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী আকাশ গোষ্ঠীয়ে অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । আকাশ গোষ্ঠীৰ এই প্ৰয়াসে শিল্পী জগতক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি নাট্যমেলাখনৰ উদ্ধোধকে মন্তব্য কৰে ।

উল্লেখ্য যে, অসমীয়াৰ স্বাভিমান গামোচাক নামনি অসমৰ কোনো কোনো ঠাইত আংচা হিচাবে কথিত ৰূপ লাভ কৰে ৷ সেই অনুসৰিয়েই গামোচাৰ নামত উক্ত নাট্য মেলা অনুষ্ঠিত কৰি অহা হৈছে ৷

লগতে পঢ়ক: International Theatre Festival: কোকৰাঝাৰত আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.