DU ragging controversy: সংকটজনক অৱস্থাৰ বাবে আনন্দ শৰ্মাক AIIMSলৈ স্থানান্তৰৰ সিদ্ধান্ত বাতিল - ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোম

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 30, 2022, 3:40 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

ৰেগিঙৰ বলি হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিংহোমত চিকিৎসাধীন হৈ থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ প্ৰাথমিক অস্ত্ৰোপ্ৰচাৰ বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ৰ নাৰ্চিংহোমতে সম্পন্ন হ'ব(Ragging incident of DU) । উন্নত চিকিৎসাৰ বাবে এইমছলৈ নিয়াৰ কথা আছিল যদিও ছাত্ৰজনৰ শাৰীৰিক অৱস্থা অনুন্নত হৈ থকাৰ বাবে দিল্লীলৈ নিয়াৰ পৰিবৰ্তে ডিব্ৰুগড়তে কাইলৈ পুৱা দহ বজাৰ পৰা জৰুৰী অস্ত্ৰোপচাৰ কৰা হ'ব বুলি পৰিয়ালৰ সদস্যই জানিবলৈ দিছে(Dibrugarh University ragging case) । ইফালে ছাত্ৰজনৰ মাতৃয়ে বিশ্ববিদ্যালয়ৰ চৌহদত এয়াই শেষ ঘটনা হওঁক বুলি উল্লেখ কৰি সকলো অপৰাধীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক আহ্বান জনায় । তেওঁ লগতে পুত্ৰ যাতে সোনকালে সুষ্ঠ হৈ আহে তাৰ বাবে অসমবাসীৰ ৰাইজক আৰ্শীবাদ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে, চিকিৎসকে অনুমতি দিলে কাইলৈ দিল্লীৰ এইমছলৈ নিয়া হ'ব বুলি জনাইছিল যদিও আনন্দ শৰ্মাৰ স্বাস্থ্যত থকা জটিলতাৰ বাবে সেয়া সম্ভৱ নহ'ব বুলি জানিবলৈ দিছে চিকিৎসকে(Anand Sharma health condition update) ৷
Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.