Assam Police station : বছৰত ১ টাতকৈ অধিক গোচৰ নহা অসম এখন ব্যক্তিক্ৰমী আৰক্ষী থানা - চেঙাজান নদী আৰক্ষী থানা
🎬 Watch Now: Feature Video
জোনাই, ৬ মাৰ্চ : এখন আৰক্ষী থানা বুলি ক’লে আপোনাৰ মনলৈ প্ৰথমতে কি ছবি আহে বাৰু ? নিশ্চয় আৰক্ষীৰে গিজ গিজাই থকা এটা স্থানৰ কথা মনলৈ আহে ৷ য’ত নানা ধৰণৰ গোচৰৰ লগতে অসুবিধাত পৰি আৰক্ষীৰ সহায় বিচাৰি অহা লোকৰে ভৰি থাকে, নহয় জানো (Assam Police station) ৷
কিন্তু এই অসমতে আছে এনে এখন আৰক্ষী চকী ৷ য’ত প্ৰতিদিনাই এক নিমাওমাও পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ আনকি বছৰত কেতিয়াবা এটাও গোচৰ নাহে, নাইবা দুই-এটা গোচৰহে আহে আৰক্ষী থানাখনলৈ ৷ আমি কৈ থকা এই বিশেষ থানাখন আছে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ অন্তৰ্গত জোনাইৰ চেঙাজানত ৷ থানাখনৰ নাম চেঙাজান নদী আৰক্ষী থানা ৷
এই থানাখনত মুঠ ১০ জন আৰক্ষীৰ লোক আছে ৷ জোনাইৰ মহকুমাৰ বিভিন্ন চৰ চাপৰিত আৰু নদীসমূহৰ সুৰক্ষাৰ বাবে ২০১২ চনতে প্ৰতিষ্ঠা কৰা এই আৰক্ষী থানাখনে হয়তো অসমৰ ভিতৰত একমাত্ৰ থানা, য’ত প্ৰতিদিনে বিৰাজ কৰে এক নিমাওমাও সদৃশ পৰিৱেশে ৷
নাই কোনো ৰাইজৰ অহা যোৱা ৷ নাই কোনো গোচৰ ৷ এই আৰক্ষী থানাত বছৰত কেতিয়াবা এটা বা দুটা নাইবা কেতিয়াবা এটাও গোচৰ নাহে এই আৰক্ষী চকীলৈ ৷ মুঠৰ ওপৰত গোচৰবিহীন অসমৰ এই বিশেষ থানাখন ৷ চৰ চাপৰি হোৱা হেতুকে হেনো গোচৰৰ সংখ্যাও খুব কম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এই বিশেষ আৰক্ষী থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৷