Crime in Dergaon: গৰু নিয়া গাড়ী আগচি ধৰি ধন দাবী কৰা আমছু খিলঞ্জীয়াৰ নেতাসহ গ্ৰেপ্তাৰ চাৰি - Cattle smuggling in Assam
🎬 Watch Now: Feature Video
Published : Oct 16, 2023, 6:21 PM IST
যোৰহাট, ১৬ অক্টোবৰ: উজনি অসমত চলিছে গৰুৰ বৃহৎ চিণ্ডিকেটৰাজ । বিভিন্ন পন্থা গ্ৰহণ কৰি দুষ্ট চক্ৰই উজনি অসম চলাইছে গৰু চোৰাং বেহা । ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ পাবত গজা সংগঠনে গৰু ব্যৱসায়ীৰ পৰা ধন দাবী কৰি নিজৰ পকেট গৰম কৰাত ব্য়স্ত হৈছে ।গৰু ব্যৱসায়ীক ধন দাবীৰ গোচৰত এইবাৰ গ্ৰেপ্তাৰ হৈছে আমছু খিলঞ্জীয়াৰ দুই নেতাসহ চাৰি যুৱক । আমছু খিলঞ্জীয়াৰ নেতা মুকিব আলী, চাজাদ আলীসহ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰে দেৰগাঁও আৰক্ষীয়ে ।
দেওবাৰে বিয়লি চৰাইদেউ জিলাৰ ৰাজমাও বজাৰৰ পৰা অহা এখন গৰুভৰ্তি গাড়ী দেৰগাঁৱৰ নিকটৱৰ্তী ৰঙামাটিত আগচি ধৰি ৩০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাজমাও বজাৰৰ মহলদাৰ চত্ৰধৰ গগৈৰ এজাহাৰৰ ভিত্তিত দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে আমছু খিলঞ্জীয়াসহ চাৰি অভিযুক্তক । আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৪১/৩৯৩/৩৪১ ধাৰাত ৰুজু হোৱা ১৮৫/২৩ নং গোচৰত গ্ৰেপ্তাৰ কৰে তথাকথিত সংগঠনৰ নেতাক ।
আনহাতে, গ্ৰেপ্তাৰ হোৱা দুই নেতাই সংবাদ মাধ্যম আগত চিঞৰি চিঞৰি কয়,"আমাক ফচোৱা হৈছে, আমি নহয় আৰক্ষীয়েহে গৰু গাড়ীৰ পৰা পইচা লয় । আমি জেলৰ পৰা ওলাই আহি গৰু ছিণ্ডিকেট বন্ধ কৰিম।"
লগতে পঢ়ক:Intoxicating tablets seized: পাণ দোকানৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট জব্দ