Amrit Kalash Yatra: পানেৰীত নাচি-বাগি ঢোল বজাই 'অমৃত কলহৰ যাত্ৰা'

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 12:35 PM IST

thumbnail

ওদালগুৰি, ৮ অক্টোবৰ: প্ৰতিখন চোতালৰ পবিত্ৰ ভূমি দেশৰ ৰাজধানীৰ অমৃত বাটিকালৈ (উদ্যান) নিয়াৰ উদ্দেশ্য মোৰ মাটি মোৰ দেশ মূল মন্ত্ৰৰে চৰকাৰে আৰম্ভ কৰা 'অমৃত কলহ যাত্ৰা' পানেৰীতো দেওবাৰে আৰম্ভ হয় । এই অভিযানৰ কাৰ্যসূচী ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ বিটিচি খালিং দুৱাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পানেৰী ভিচিডিচি কৰ্মীসকৰ সৌজন্যত পানেৰীৰ প্ৰতিখন চোতালৰ মাটি সংগ্ৰহৰ বাবে অমৃত কলহৰ যাত্ৰ আৰম্ভ কৰে ।

এই কাৰ্যসূচীত পানেৰী ভিচিডিচিৰ অধ্যক্ষৰ লগতে বিটিচি পাৰিষদ দিলীপ কুমাৰ বড়োৰ উপৰি অঞ্চলটোৰ পাঁচ শতাধিক মহিলাই সহযোগ কৰে । কাৰ্যসূচীত পাৰিষদ গৰাকীয়ে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰৰ নিৰ্দেশনা অনুযায়ী চৰকাৰৰ সকলো অভিযান সফল হোৱাৰ বাবে সহযোগ কৰি থকা বুলি উল্লেখ কৰি সকলোকে সহযোগ কৰাৰ আহ্বান জনায় ।

লগতে পঢ়ক:Assam CM on Flood : গুৱাহাটীৰ বান সমস্যা সমাধানৰ চাবি আছে সাংবাদিকৰ হাতত; মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.