Amrit kalah yatra : শিৱসাগৰত অমৃত কলহ যাত্ৰা - AMRIT KALAH yatra in assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-10-2023/640-480-19737554-thumbnail-16x9-gre.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 11, 2023, 1:13 PM IST
শিৱসাগৰ, 11 অক্টোবৰ: দেশৰ ৰাজধানী চহৰ দিল্লীত নির্মাণ কৰিবলৈ লোৱা অমৃত বাটিকা উদ্যানৰ বাবে প্ৰতি ঘৰ ব্যক্তিৰ চোতালৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহসমূহ লৈ বুধবাৰে শিৱসাগৰ নগৰত অমৃত কলহ যাত্ৰা অনুষ্ঠান পালন কৰা হয় । শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সমীপৰ পৰা শিৱসাগৰ পৌৰসভাৰ কাৰ্যালয় অভিমুখে উলিওৱা এই অমৃত কলহ যাত্ৰাত শিৱসাগৰ পৌৰ এলেকাৰ অন্তৰ্গত 14 টা ৱাৰ্ডৰ বিভিন্ন মহিলা আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰে ।
পৌৰ এলেকাৰ 14 টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা মাটিৰ কলহলৈ মহিলাসকলে অংশগ্ৰহণ কৰা এই 'অমৃত কলহ যাত্ৰা'ৰ নেতৃত্ব প্রদান কৰে বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ উপ সভানেত্ৰী দীপিকা দুৱৰীয়ে । এই কাৰ্যসূচীৰ জৰিয়তে শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ পৰা সংগ্ৰহ কৰা মাটি শিৱসাগৰ পৌৰসভা কাৰ্যালয়ত আনুষ্ঠানিকভাৱে জমা দিয়া হয় ।
এই কাৰ্যসূচীত শিৱসাগৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃনালী কোঁৱৰৰ লগতে শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া সহ ৱাৰ্ড মেম্বাৰসকলে অংশগ্ৰহণ কৰে ।