thumbnail

By

Published : Aug 14, 2023, 2:03 PM IST

ETV Bharat / Videos

Enclosed the Patient in Barhampur: ভক্তিহীন ব’ল বম ভক্ত; এম্বুলেঞ্চত আৱদ্ধ ৰোগীক সহায় কৰিবলৈও নুকুলালে মনে

বঢ়মপুৰ,14 আগষ্ট: নগাঁৱৰ কঠিয়াতলীত সাংবাদিকৰ মহানুভৱতা ৷ দেওবাৰে নিশা কঠিয়াতলী ৰাষ্ট্ৰীয় ঘাইপথত বিকল হৈছিল ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেঞ্চ ৷ প্ৰায় 1 ঘন্টাৰ ধৰি এম্বুলেঞ্চখন ৰাজপথত বিকল হোৱাত জীৱন মৃত্যুৰে যুঁজি আছিল এজন ৰোগী ৷ আনহেত এম্বুলেঞ্চখনৰ কাষতে ব'ল বমৰ নামত একাংশ ভক্তই কাণ তাল মাৰি যোৱা সংগীতত ব্যস্ত হৈ থকা দেখা যায় ৷ কিন্তু কাৰো ভ্ৰুক্ষেপ নাই এম্বুলেঞ্চখনত থকা ৰোগীলৈ ৷

আনহাতে, উচ্চ প্ৰাব্যলৰ সংগীতৰ তালে তালে ভক্তিৰ নামত নৃত্য কৰাত মচগুল ব’ল বমৰ দল ৷ তেনে সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিক উপস্থিত হয় ৷ তাৰ পাচতে ততাতৈয়াকৈ দুই সাংবাদিকে এখন এম্বুলেঞ্চৰ ব্যৱস্থা কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰোগী গৰাকীক ৷

জানিব পৰা মতে, হোজাইৰ পৰা সংকটজনক অৱস্থাত গুৱাহাটীলৈ নি থকাৰ সময়তে ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চখন ব'ল বমৰ ভিৰৰ বাবে কঠিয়াতলীত এম্বুলেঞ্চ বিকল হৈ পৰে ৷ প্ৰায় এঘন্টা ধৰি ৰোগীগৰাকীৰ আত্মীয়ই সহায় বিচাৰে যদিও কাৰোৰে পৰা সহায় নাপায় ৷ অৱশেষত বাতৰি সংগ্ৰহ কৰিব যোৱা কামপুৰৰ দুই সাংবাদিকে ততাতৈয়াকৈ আন এখন এম্বুলেঞ্চ যোগাৰ কৰি দি পুনৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৰোগীজনক ৷  

লগতে পঢ়ক:Drugs Peddler Detained : নগাঁৱত উত্তম-মধ্যম শোধাই ৰাইজে আৰক্ষীক গতালে ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.