Ambulance fell into deep ditch: নাৰায়ণপুৰত ৰোগী কঢ়িওৱা এম্বুলেন্স সোমাল দ খাৱৈত

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 17, 2023, 11:31 AM IST

বিহপুৰীয়া,17 আগষ্ট: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰীত নিশা সংঘটিত হয় এক অঘটন । ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্স সোমাল পুখুৰীত । অসম-অৰুণাচল সীমান্তৰ বালিপুখুৰীৰ পৰা জ্বৰত আক্ৰান্ত এটি শিশুক ধলপুৰ চিকিৎসালয়লৈ আনি আছিল এম্বুলেন্সখনেৰে । শিশুটিক লৈ ধলপুৰ চিকিৎসালয় অভিমুখে আহি থকাৰ অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই এম্বুলেন্সখন এটা পুখুৰীত সোমায় । এই ঘটনাত আহত হয় এম্বুলেন্সখনত থকা শিশুসহ তিনিজন ৷ লগতে আহত হৈছে এম্বুলেন্সখনৰ ড্ৰাইভাৰ আৰু ইমাৰ্জেঞ্চি মেডিকেল টেকনিচিয়ান গৰাকীও ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত শিশুটিৰ লগতে আঘাতপ্ৰাপ্ত আটাইকেইজনকে নিশাই আন এখন এম্বুলেন্সেৰে ধলপুৰ চিকিৎসালয়লৈ লৈ যায় । 108 এম্বুলেন্সখনৰ চালক গৰাকীৰ নাম লক্ষ্য মুদৈ আৰু টেকনিচিয়ান গৰাকীৰ নাম গৌতম বৰুৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Encounter in Lakhimpur: পুনৰ এক্সন মুডত SP আনন্দ মিশ্ৰ; বঙালমৰাত নিশা আৰক্ষীৰ গুলীত আহত আনাৰুল ইছলাম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.