Poison in drinking water: জোনাইৰ দঞি পলো ইণ্টাৰপ্ৰাইছে খোৱাপানীৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ - পানীৰ বটল প্ৰস্তুত
🎬 Watch Now: Feature Video
জোনাই, 19 আগষ্ট : ধেমাজি জিলাৰ জোনাইত খোৱাপানীৰ নামত বৰবিহ বিক্ৰী কৰি আছে একাংশ ব্যৱসায়ীয়ে ৷ অস্বাস্থ্যকৰ আৰু লেতেৰা পৰিৱেশত এই খোৱাপানীৰ বটল প্ৰস্তুত কৰে একাংশ ব্যৱসায়ীয়ে ৷ এই অভিযোগ পূব জোনাই মণ্ডলৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোঁহাইৰ ।
পূব জোনাই মণ্ডলৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোঁহায়ে উল্লেখ কৰা অনুসৰি, বিজেপিৰ এক বিশেষ কাৰ্যসূচীৰ বাবে ক্ৰয় কৰিছিল এটা পানী বটল ৷ এই পানীৰ বটলটো ক্ৰয় কৰিছিল জোনাই নেপালী তিনিআলিস্থিত দঞি পলো ইণ্টাৰপ্ৰাইছৰ পৰা ৷ কিন্তু দঞি পলো ইণ্টাৰপ্ৰাইছে প্ৰস্তুত কৰা আৰ অ’ আচিৰ 20 লিটাৰৰ পানীৰ বটলত ওলোই দুৰ্গন্ধ ৷ এই অভিযোগ বিজেপিৰ যুৱ মৰ্চাৰ সভাপতিগৰাকীৰ ।
লগতে তেওঁ অভিযোগ কৰে যে অস্বাস্থ্যকৰ পৰিৱেশত কাৰখানাটোত পানীৰ বটল প্ৰস্তুত কৰে ৷ সেয়ে খোৱাপানীৰ নামত বৰবিহ প্ৰস্তুত কৰা দঞি পলো ইণ্টাৰপ্ৰাইছৰ বিৰুদ্ধে উচিত তদন্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে বিজেপি পূব জোনাই মণ্ডল যুৱ মৰ্চাৰ সভাপতি সন্তোষ বৰগোঁহায়ে ।
লগতে পঢ়ক : Dengue cases rise in Diphu : ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ; আক্ৰান্ত 2041, মৃত্যু 4 গৰাকীৰ