thumbnail

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:58 PM IST

ETV Bharat / Videos

Scam in Bilasipara : নিৰ্মাণ সম্পূৰ্ণ হোৱাই নাই খহিল ৱাল ! ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পশ্চিম বিলাসীপাৰা, 28 ছেপ্টেম্বৰ : বিলাসীপাৰাৰ নৱনিৰ্মিত বিলাসীপাৰা আইন মহাবিদ্যালয় নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । ঠিকাদাৰ আৰু অভিযন্তাৰ বিৰুদ্ধে এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ কিয়নো নিৰ্মীয়মান অৱস্থাতে ভাঙি পৰিল ৱাল ৷

আতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে ৱালখন ভাঙি যোৱাৰ অভিযোগ উত্থাপন কৰিছে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে ৷ অভিযোগ অনুসৰি ঠিকাদাৰ আৰু অভিযন্তাই পৰিল্পনা অনুসৰি নিৰ্মাণ নকৰাৰ ফলতে ৱাল খহি পৰিল ৷ ঠিকাদাৰ মাৰ্জিত বসুমতাৰীয়ে মইমতালিৰে কাম কৰাৰোও অভিযোগ উঠিছে ৷

ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ঠিকাদাৰ মাৰ্জিত বসুমতাৰী আৰু বিভাগীয় অভিযন্তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ধুবুৰী জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । 

লগতে পঢ়ক:West Bengal Police at Bilasipara: বেটাৰী চোৰক বিচাৰি বিলাসীপাৰা পালেহি পশ্চিমবংগ আৰক্ষী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.