Juria News: জুৰীয়াৰ মুক্তাব বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি গঠনত ব্যাপক অনিয়মৰ অভিযোগ - পৰিচালনা সমিতি গঠনত ব্যাপক অনিয়মৰ অভিযোগ
🎬 Watch Now: Feature Video


Published : Oct 3, 2023, 9:28 PM IST
চামগুৰি, 3 অক্টোবৰ: নগাঁও জিলাৰ জুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতি গঠনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱকে। জুৰীয়াৰ অন্তৰ্গত টান কাৱৈমাৰি মুক্তাব বিদ্যালয়ত সংঘটিত হৈছে এই ব্যাপক অনিয়মৰ ঘটনা ৷
কেৱল নামমাত্ৰ সাধাৰণ সভা অনুষ্ঠিত কৰি বিদ্যালয় কৰ্তৃপক্ষই নিজৰ খেয়াল খুচি মতে নীতি-বহিৰ্ভূতভাৱে বিদ্যালয় পৰিচালনা সমিতি গঠনৰ অভিযোগ সাধাৰণ সভাৰ সভাপতিগৰাকীৰ । ইয়াৰ পিচতে একাংশ অভিভাৱকে শিক্ষা বিষয়া জিতেন দাস হায় হায়, স্কুল অধ্যক্ষ মুৰ্দাবাদ আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
অভিভাৱকসকলে প্ৰাথমিক শিক্ষা বিষয়াগৰাকীক সাক্ষাৎ কৰি এই সন্দৰ্ভত এখন আবেদন দিছে যদিও শিক্ষা বিষয়াগৰাকী কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ ফলত অভিভাৱকসকল ক্ষোভিত হৈ পৰিছে ৷ অৱশেষত মঙলবাৰে সংবাদমাধ্যমৰ কাষ চাপে অভিভাৱকসকলে ।
অভিভাৱকসকলে কয় যে, শিক্ষা বিষয়াৰ লগতে উৰ্ধ্বতন কৰ্তৃপক্ষই অতি শীঘ্ৰেই আন এখন সভা অনুষ্ঠিত কৰি নিকা আৰু স্বচ্ছভাৱে এখন নতুন সমিতি গঠন কৰি দিয়ক ৷
লগতে পঢ়ক: Electricity Price hike: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ