Appointment of village headmen: ৰাধাকুছিত গাঁও প্ৰধান নিযুক্তিত অনিয়মৰ গুৰুতৰ অভিযোগ - irregularities in appointment of village headmen
🎬 Watch Now: Feature Video
বৰপেটাৰ ৰাধাকুছিত গাঁও প্ৰধান নিযুক্তিৰ নামত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (Allegations of irregularities in appointment of village headmen) ৷ বৰপেটাৰ নগাঁও মৌজাৰ ৰাধাকুছি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰতিনিধি দিলবৰ আলীক গাঁও প্ৰধান হিচাপে নিৰ্বাচিত হোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Panchayat representative appointed to village head) ৷ উল্লেখ্য যে গাঁও প্ৰধান নিযুক্তিৰ চৰকাৰী বিধি অনুসৰি কোনো ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক থকা বা আন কোনো লাভজনক পদত কাৰ্যনিৰ্বাহ কৰি থকা কোনো লোক গাঁও প্ৰধান পদৰ বাবে যোগ্য বিবেচিত নহয় ৷ তেনেক্ষেত্ৰত বৰপেটাৰ ৰাধাকুছি গাঁৱত কি কাৰণত আৰু কি স্বাৰ্থত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত এজন পঞ্চায়ত প্ৰতিনিধিক গাঁও প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে ৷ গাঁও প্ৰধান নিযুক্তিক লৈ হোৱা এনে অনিয়মৰ বিৰুদ্ধে আয়ুব খান নামৰ এজন লোকে ইতিমধ্যে বৰপেটা সদৰ থানাত এক গোচৰ ৰুজু কৰিছে ৷ অনাগত দিনত আৰক্ষীয়ে এই সন্দৰ্ভত কি পদক্ষেপ লয় সেয়া হ’ব লক্ষণীয় ৷
Last Updated : Feb 3, 2023, 8:38 PM IST