Corruption in road construction : পথ নিৰ্মাণত অনিয়ম; ক্ষুব্ধ অসম চাহ জনজাতি ছাত্ৰ সন্থা - পথ নিৰ্মাণত অনিয়ম
🎬 Watch Now: Feature Video


Published : Sep 26, 2023, 5:54 PM IST
আমগুৰি,২৬ ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত পথ নিৰ্মাণত উত্থাপিত হৈছে অনিয়মৰ অভিযোগ । হালোৱাটিং ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ কালমন্দিৰৰ পৰা জাঁজী নদী সংযোগী পথ নিৰ্মাণত অনিয়মৰ অভিযোগ উত্থাপিত হৈছে । আমগুৰি আৰু নাজিৰা লোকনিৰ্মাণ বিভাগৰ অন্তৰ্গত জাঁজী নদী সংযোগী পথটো নিৰ্মাণৰ কেইমাহমানৰ পিছতেই ব্লেক টেপিং এৰাই যোৱাক লৈ ক্ষুব্ধ হৈ পৰিচে দল-সংগঠন । ব্লেক টেপিঙৰ শিলগুটি বখলা-বখলে এৰি যোৱাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।
পথটো নিৰ্মাণকাৰী ঠিকাদাৰ কৃষ্ণ বৰাৰ বিৰুদ্ধে ব্যাপক অনিয়মেৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এচ অ' পি দি আঁচনিৰ অধীনত প্ৰায় ৮৪ লাখ টকাৰে নিৰ্মাণ কৰা পথটো কেইমাহমানৰ পিছতেই ভাঙিবলৈ ধৰাত জাঙুৰ খাই উঠিছে আটছা আমগুৰি আঞ্চলিক সমিতি । উল্লেখ্য যে পথটো উদ্বোধন কৰিছিল শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতৰ উপস্থিতিত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই । পথটো শীঘ্ৰে মেৰামতি নকৰিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
লগতে পঢ়ক: APCC: আইনৰ উৰ্দ্ধত নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ