Cricket Stadium in Barpeta: বৰপেটাত ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 2:26 PM IST

thumbnail

বৰপেটা,১০ ছেপ্টেম্বৰ: বৰপেটাৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈসকলৰ সুবিধাৰ বাবে অসম ক্ৰিকেট সংন্থাই বৰপেটাত নিৰ্মাণ কৰি আছে এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম ৷ বৰপেটাৰ বাৰাদিত প্ৰস্তাৱিত প্ৰায় ২৫ বিঘা ভূমিত বৰপেটা জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত চলি আছে ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম ৷ অসম ক্ৰিকেট সন্থাৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত ষ্টেডিয়ামখন সম্পূৰ্ণ হৈ উঠিলে বৰপেটাৰ লগতে নামনি অসমৰ ক্ৰিকেট খেলুৱৈ সকল বিশেষভাৱে উপকৃত হ'ব বুলিও আশা কৰা হৈছে ৷  

পিছে ক্ৰিকেট ষ্টেডিয়ামখনৰ ভেটি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা মাটিক লৈ নখান্দা মীন মহলৰ মহলদাৰে তুলিছে গুৰুতৰ অভিযোগ ৷ মেচিনেৰে নৈৰ মাটি কটাৰ ফলত মাছমৰীয়াই নদীত মাছ নোপোৱাৰ অভিযোগ তুলিছে ৷ বিশেষকৈ মাটি কটা মেচিনৰ তেল পৰি আৰু মেচিনৰ শব্দৰ কম্পনৰ বাবে মাছমৰীয়াসকলে নৈত মাছ মাৰিবলৈ সক্ষম নোহোৱা বুলি অভিযোগ তুলিছে ৷ ফলত মীন মহলদাৰে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হবলগা হৈছে ৷  

মীন মহলদাৰে অভিযোগ কৰামতে, যোৱা বছৰো নৈত মেচিনেৰে মাটি কটা কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনক অভিযোগ দাখিল কৰিছিল যদিও বৰপেটা আৰক্ষীয়ে এইবিষয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ৷এইক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰিছে মীনমহলদাৰে ৷  

লগতে পঢ়ক: Ill after vaccinations : প্ৰতিষেধক বেজী লোৱাৰ পিচতে মৰিয়নীত অসুস্থ দুটি শিশু, স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে অভিযোগৰ আঙুলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.