Scam in PDS at Kokdonga: কাকডোঙা সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও ক্ষুব্ধ হিতাধিকাৰীৰ - Kakdonga Cooperative Society office gheraoed
🎬 Watch Now: Feature Video
গোলাঘাট, ১৬ ফেব্ৰুৱাৰী:গোলাঘাট জিলাত সমবায় সমিতিৰ এজেণ্টে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে (Corruption of cooperative society agents in Golaghat) । জিলাখনৰ বিভিন্ন ঠাইত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাবে আৱণ্টিত চাউল ক'লা বজাৰত বিক্ৰীৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে । ইয়াৰ মাজতেই গোলাঘাটৰ কাকডোঙা সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ এজেণ্টৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ ৰাইজে । ৰাইজে এইগৰাকী এজেন্টৰ পঞ্জীয়ন শীঘ্ৰে বাতিল কৰি এগৰাকী নতুন এজেন্টৰ ওপৰত দায়িত্ব অৰ্পণ কৰিবলৈ দাবী জনাইছে ।
কাকডোঙা সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ এজেণ্ট মামণি দত্তৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ অভিযোগ (Allegation of Scam against agents of fair price shops)। দুখীয়াৰ মূখৰ ভাত কাঢ়ি ক'লা বজাৰত চাউল বিক্ৰী কৰাৰ অভিযোগ লৈ বুধবাৰে সমবায় সমিতিখনত কাকডোঙাৰ চুমনি গাঁৱৰ ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । কাকডোঙা সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰি মামণি দত্তক এজেণ্টৰ পৰা নাম কৰ্তন কৰিবলৈ দাবী উত্থাপন কৰিলে ভুক্তভোগী গ্ৰাহকসকলে (Kakdonga Cooperative Society office gheraoed)।
উল্লেখ্য় যে দীৰ্ঘদিন ধৰি কাকডোঙা সমবায় সমিতিৰ অন্তৰ্গত চুমণি গাঁৱৰ এজেণ্ট মামণি দত্তই দুখীয়া পৰিয়ালৰ বাবে অহা চাউল ক'লা বজাৰত বিক্ৰী কৰি আহিছে । এনেদৰে চাউল বিক্ৰী কৰি সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে ।
এজেন্ট মামণি দত্তই হিতাধিকাৰীসকলৰ পৰা কৌশলেৰে আঙুলিৰ টিপ গ্ৰহণ কৰি এবাৰত আৱণ্টিত সমূদায় চাউল ক'লা বজাৰত বিক্ৰী কৰাৰো অভিযোগ উঠিছে । তদুপৰি গাড়ীৰ ভাড়াৰ নামতো হিতাধিকাৰীৰ চাউল কৰ্তন কৰাৰো অভিযোগ উত্থাপিত হৈছে । প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা দুই কিলোগ্ৰামকৈ চাউল কমকৈ দিয়া বুলিও ৰাইজে কয় । এই সমূহ অভিযোগৰ ভিত্তিতে ৰাইজৰ ক্ষোভৰ বহিঃ প্ৰকাশ ঘটিছে ।