Journalist Harassment : বঙাইগাঁৱত সাংবাদিকক দুৰ্ব্যৱহাৰৰ অভিযোগ; এজাহাৰ দাখিল

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 8:23 PM IST

Updated : Sep 25, 2023, 9:06 PM IST

thumbnail

বঙাইগাঁও, 25 ছেপ্টেম্বৰ : গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সদস্য তথা এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক আফতাৱ আলী ওৰফে ৰিংকু আৰু আন এক ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক কুলেন্দ্ৰ শইকীয়া আৰু তেওঁৰ ভিডিঅ’ জাৰ্নেলিষ্ট গৰাকীক বঙাইগাঁও চহৰৰ বি ও চি গেটত কৰ্তব্যৰত অৱস্থাত শাৰীৰিভাৱে আক্ৰমণ কৰাৰ অভিযোগ ৷ এই ঘটনাক গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ লগতে Journalist Association For Assam জাফা আৰু অসম প্ৰদেশ সাংবাদিক ইউনিয়ন আপজুৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিয়াৰ লগতে ঘটনাত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৷

উল্লেখ্য যে, দেওবাৰে ড্ৰাই ডে থকা অৱস্থাত বি ও চি গেটত নিশাৰ ভাগত এখন সুৰাৰ দোকানত সুৰা বিক্ৰী কৰাৰ অভিযোগত আৰক্ষী আৰু আবকাৰী বিভাগৰ তৰফৰ পৰা অভিযান চলাই সুৰা জব্দ কৰে ৷ ইয়াৰ পাছতে সোমবাৰে সাংবাদিককেইগৰাকীয়ে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত পুৱা বি ও চি গেটত সাংবাদিকক অপমান কৰাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে দোকানৰ গৰাকীয়ে ৷ এই ঘটনা সংক্ৰান্তত অভিযুক্তৰ বিৰুদ্ধে সাংবাদিক আফতাৱ আলীয়ে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰে ৷ 

লগতে পঢ়ক : Attempt to murder: মধ্যাহ্ন ভোজনৰ চাউল নিদিয়াৰ বাবে প্ৰধান শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুস্কৃতিকাৰীৰ

Last Updated : Sep 25, 2023, 9:06 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.