যোৰহাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গুণ্ডাগিৰি, CCTV ত আবদ্ধ মাৰপিটৰ দৃশ্য - যোৰহাটত ব্যৱসায়ীক প্ৰহাৰ
🎬 Watch Now: Feature Video


Published : Dec 12, 2023, 1:01 PM IST
যোৰহাট, ১২ ডিচেম্বৰ : যোৰহাটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হৈছে গুণ্ডাগিৰিৰ ঘটনা । সমগ্ৰ ঘটনা আবদ্ধ হ'ল চিচিটিভিত । যোৰহাটৰ কেন্দুগুৰি তিনিআলিৰ বৰা ষ্ট'ৰ নামৰ এখন গেলামালৰ দোকানত দিন দুপৰতে সংঘটিত হোৱা এক গুণ্ডাগিৰি ঘটনা পোহৰলৈ আহিছে । ভুক্তভোগীয়ে অভিযোগ কৰা অনুসৰি যোৰহাট কেন্দুগুৰি বাইপাছৰ ব্ৰহ্মপুত্ৰ হোটেলৰ স্বত্বাধিকাৰী ভৱেশ কুমাৰ দত্তই বৰা ষ্ট'ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি প্ৰভাত চন্দ্ৰ বৰা আৰু তেওঁৰ পুত্ৰ অভিনৱ বৰাক গুৰুতৰভাৱে প্ৰহাৰ কৰে ।
উল্লেখ্য় যে যোৱা ৯ ডিচেম্বৰত অভিনৱ বৰা আৰু তেওঁ কেইজনমান বন্ধু ব্ৰহ্মপুত্ৰ নামৰ হোটেলখনলৈ যাওঁতে এক সামন্য কথাত ব্ৰহ্মপুত্ৰ হোটেলৰ স্বতাধিকাৰী ভৱেশ কুমাৰ দত্তৰ লগত তৰ্কাতৰ্কিত লিপ্ত হৈছিল । সেই ঘটনাৰ বাবে উক্ত মাৰপিটৰ ঘটনাটো সংঘটিত হোৱা বুলি বৰা ষ্ট'ৰৰ গৰাকীয়ে অভিযোগ উত্থাপন কৰে । ইতিমধ্যে বৰা ষ্ট'ৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ব্ৰহ্মপুত্ৰ হোটেলৰ মালিকৰ বিৰুদ্ধে ভোগদৈ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ।