Mid day meal scam: বকোত মধ্যাহ্ন ভোজনৰ চাউল পেলালে জংঘলত

By

Published : Jan 6, 2023, 2:22 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল জংঘলত পেলাই দিয়া এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে(Mid Day meal scam at Boko) । বিদ্যালয়ৰ বাবে দিয়া চাউল জংঘলত পেলাই দিয়া ঘটনা সংঘটিত হৈছে বকোৰ ৰূপনগৰ আঞ্চলিক হাইস্কুলত(Corruption in distribution of mid day meal rice in boko) । নষ্ট হোৱা প্ৰায় ২৭ বেগকৈ চাউল প্ৰধান শিক্ষকে পেলাই দিয়ে বিদ্যালয় চৌহদৰ জংঘলত । চৰকাৰী নীতি অনুসৰি বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল ৰৈ যোৱা অংশ অনুপস্থিত ছাত্ৰ-ছাত্ৰীৰ ঘৰত হ'লেও দিব লাগে । কিন্তু তাৰ পিছত কিয় বস্তাই বস্তাই চাউল বিদ্যালয়ত নষ্ট হয় বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে । বিদ্যালয়খনৰ প্ৰধান শিক্ষক সুনিল মেধি আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি খবিৰুদ্দিন আহমেদৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠিছে অঞ্চলটোৰ সচেতন ৰাইজ । সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে স্থানীয় সচেতন মহলে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.