Fuel Adulteration: নগাঁৱৰ পেট্ৰল ডিপোত তেল ভৰাই বিকল হ'ল চৰকাৰী বিষয়াৰ বাহন
🎬 Watch Now: Feature Video
নগাঁও, 9 আগষ্ট : পেট্ৰল ডিপোত তেল ভৰাই প্ৰায়েই উত্থাপন হয় বাহন বিকল হোৱাৰ অভিযোগ ৷ এইবাৰ নগাঁৱৰ এটা পেট্ৰল পাম্পত তেল ভৰাই বিকল হ'ল চৰকাৰী বিষয়াৰ এখন বাহন ৷ ডিজেল চালিত বাহনৰ টেংকিৰ পৰা পানী ওলোৱা ঘটনাই নগাঁৱত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
এগৰাকী চৰকাৰী বিষয়াৰ বাহনৰ তেলৰ টেংকীৰ পৰা ওলাল পানী ৷ বিগত ৪ দিন পূৰ্বে নগাঁও মহাবিদ্যালয়ৰ সমীপৰ পেট্ৰল ডিপোৰ পৰা AS-02- M-0035 নম্বৰৰ এখন চৰকাৰী বিষয়াৰ বাহনত ভৰাইছিল ডিজেল ৷ পেট্ৰল ডিপোৰ পৰা তেল ভৰোৱাৰ পাছতেই বিকল হৈ পৰে বাহনখন ৷ বুধবাৰে বাহনখনৰ চালক গৰাকীয়ে মেকানিকৰ জৰিয়তে বাহনখন ভাল কৰিবলৈ গেৰেজ লৈ আনে ৷
গেৰেজত মেকানিকে বাহনখনৰ পেট্ৰলৰ টেংকীটো খোলাত টেংকীৰ পৰা ডিজেলৰ পৰিৱৰ্তে ওলাল পানী ৷ ডিজেলৰ পৰিৱৰ্তে পানী ওলোৱা চৰকাৰী বাহনখন পাখিমৰিয়া ব্লকৰ বিডিঅ’ মনোশ্ৰী বৰুৱাৰ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Drugs Peddler Detained : নলবাৰীৰ লাওদলত দুই ড্ৰাগছ আসক্ত যুৱকক আটক আৰক্ষীৰ