Financial scam: ফাইনেন্সিয়েল কোম্পানীৰ লুণ্ঠনৰাজ, গাঁওবাসীক ঠগি হাজাৰ হাজাৰ টকাৰ প্ৰৱঞ্চনা - Financial scam
🎬 Watch Now: Feature Video

বিহপুৰীয়া, 18 আগষ্ট : লখিমপুৰৰ নাৰায়ণপুৰত আৰোহণ ফাইনেন্সিয়েল ছাৰ্ভিচেছ নামৰ এটা কোম্পানীৰ লুণ্ঠনৰাজ ৷ গাঁৱৰ দৰিদ্ৰ, সাধাৰণ মহিলাৰ পৰা লুন্ঠন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰোহণ ফাইনেন্সিয়েল ছাৰ্ভিচেছ নামৰ এটা কোম্পানীৰ বিৰুদ্ধে । কোম্পানীটোৰ নাৰায়ণপুৰ শাখাৰ অধীনস্থ একাংশ কৰ্মচাৰীয়ে গাঁৱলীয়া মহিলাক প্ৰলোভন দি হাজাৰ হাজাৰ টকা সৰকাই আহিছে ।
শুকুৰবাৰে পুৱাই নাৰায়ণপুৰৰ শিমলুগুৰিৰ একাংশ মহিলাই প্ৰাপ্য ধন বিচাৰি শাখাটোত উপস্থিত হওঁতেই পলায়ন কৰে শাখাটোৰ কৰ্মচাৰী। ভুক্তভোগী মহিলাসকলৰ পৰা জানিব পৰা মতে, কোম্পানীৰ যিজন লোকে গাঁৱৰ মহিলাসকলৰ পৰা পইচা তুলি আনে. প্ৰকৃততে সেই লোকজনৰ নামৰ মানুহ কাৰ্যালয়ত নায়েই ৷ কোম্পানীটোৰ লোকজনক গাঁৱৰ মহিলাসকলে যদি কোনোবাই নিজৰ কিষ্টিৰ তিনিহাজাৰ টকা জমা দিয়ে তেন্তে তেওঁ শাখাত জমা কৰে দুহেজাৰ টকাহে।
আনহাতে চৰকাৰৰ মাইক্ৰ’ফাইনেন্সৰ ২৫,০০০ টকাৰ চেক পোৱাৰ বিনিময়ত বা সেই চেক সোনকালে আনি দিয়াৰ নামত গাঁৱৰ মহিলাৰ পৰা দহ হাজাৰ, পাঁচ হাজাৰকৈ টকা শাখাটোৰ কৰ্মচাৰীয়ে সৰকাইছে বুলি অভিযোগ উত্থাপন কৰে । ফলত ভুক্তভোগী ৰাইজে চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে ৷