Husband allegedly burns wife: স্বামীৰ বিৰুদ্ধে দ্বিতীয় পত্নীক কেৰাচিন তেল ঢালি জ্বলোৱাৰ অভিযোগ
🎬 Watch Now: Feature Video
হোজাই, 5 জুলাই : ৰাজ্যজুৰি প্ৰতিদিনে নাৰীজনিত অপৰাধৰ ঘটনা এতিয়া যেন সাধাৰণ হৈ পৰিছে ৷ এইবাৰ নিজ স্বামীৰ হাততেই জীৱন্তে অগ্নিদগ্ধ হ’ল পত্নী ৷ হোজাইত স্বামীয়ে পত্নীক জীৱন্তে জ্বলাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ হোজাইৰ গোবিন্দ পল্লীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ৷ স্বামী পিন্টু দেৱনাথে নিজ পত্নী পম্পী দাসক কেৰাচিন তেল ধালি জ্বলাই দিয়া অভিযোগ উত্থাপন কৰিছে পম্পীৰ পিতৃ পৰিয়ালে ৷
ইতিমধ্যেই হোজাই আৰক্ষীয়ে পম্পীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত পম্পীৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে স্বামী পিন্টু দেৱনাথক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে ৷ মৃত পম্পীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি , বহু দিনৰে পৰা পম্পীৰ ওপৰত শাৰিৰীক তথা মানসিক নিৰ্যাতন চলাই আহিছিল স্বামী পিন্টু দেৱনাথে ৷ আনহাতে নিজ পত্নীক হত্যা কৰাৰ অভিযোগ সংবাদ মাধ্যমৰ সন্মুখত নস্যাৎ কৰিছে স্বামী পিন্টুৱে ৷ পিণ্টুৰ দ্বিতীয় পত্নী আছিল পম্পী ৷
লগতে পঢ়ক: Suicide in Guwahati: প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ প্ৰেমিকাৰ আত্মহত্যা