সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশন - dhemaji news

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 5:13 PM IST

ধেমাজি, 4 জানুৱাৰী : অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল-কছাৰী জনগোষ্ঠীৰ জাতীয় সংগঠন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনখনি অহা ৫ আৰু 6 জানুৱাৰীত দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে শিঙিমাৰীত আয়োজন কৰা হৈছে ৷ সেয়ে এই অধিৱেশনখনক লৈ ব্যাপক প্ৰস্তুতি চলাইছে জনগোষ্ঠীয় সংগঠনটোৰ কৰ্মীসকলে ৷

স্থানীয় সোণোৱাল-কছাৰী মহিলাসকল অধিৱেশনক লৈ বিভিন্ন কাম ব্যস্ত হৈ পৰিছে । অধিৱেশনত নৃত্য প্ৰদৰ্শনৰ বাবে লেচেৰী নৃত্য অনুশীলন কৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে, এই অধিৱেশনত ১৫০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ ইয়াৰ বাবে মহিলাসকলে অনুশীলনৰ সমান্তৰালকৈ দহ হাজাৰ পিঠা প্ৰস্তুত কৰিছে ৷ সেইদৰে 7000 সোণোৱাল-কছাৰী যুৱতী-বোৱাৰীসকলে নৃত্য প্ৰদৰ্শন কৰিব ৷

ইতিমধ্যে শিঙিমাৰী তিনিআলিত উথপথপ পৰিৱেশে বিৰাজ কৰিছে ৷ অধিৱেশনৰ মল মণ্ডপ, পতাকা উত্তোলনৰ বেদী, স্মৃতি সৌধ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে ৷ অনুষ্ঠানত ভিন্ন জাতি জনগোষ্ঠীয় নৃত্যৰ পৰিৱেশন কৰা হ’ব ৷ মুকলি সভাত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুকে ধৰি জিলাখনৰ অন্যান্য জাতি-জনগোষ্ঠী আৰু ছাত্ৰ প্ৰতিনিধিসকল উপস্থিত থাকিব ৷ সেয়ে অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ধেমাজিবাসীৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ৷

লগতে পঢ়ক : খবৰ আঁৰৰ খবৰ : ৰ’দ-বৰষুণো যাৰ বাবে নহয় প্ৰত্যাহ্বান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.