thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 1:44 PM IST

ETV Bharat / Videos

Karate Championships : ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ স্বীকৃতি ধনশিৰি মহকুমাৰ কাৰাটে দলৰ

সৰুপথাৰ, 13 নৱেম্বৰ : চলিত বৰ্ষৰ 5 নৱেম্বৰ তাৰিখে যোৰহাটত অসম ভিত্তিত অনুষ্ঠিত হয় কাৰাটে প্ৰতিযোগিতা ৷ এই কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ স্বীকৃতি লাভ কৰে ধনশিৰি মহকুমাৰ পৰা যোৱা দলে । জানিব পৰা মতে, অসম ভিত্তিত আয়োজিত এই কাৰাটে প্ৰতিযোগিতাত প্ৰশিক্ষক ভোপাল ৰায়ৰ নেতৃত্বত 55 জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল ।

প্ৰশিক্ষক ভোপাল ৰায়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, ধনশিৰি মহকুমাৰ সৰুপথাৰত কেইবাটাও কেন্দ্ৰত তেওঁ বহু ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে । ভোপাল ৰায়ৰ এই বিশেষ পদক্ষেপে গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ বিকশিত হোৱাত সহায় কৰি আহিছে ।

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে কাৰাটে প্ৰতিযোগিতাত লাভ কৰা এই সফলতাত অভিভাৱকৰ লগতে চুবুৰীয়াৰ লোকসকলো উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক : Uttarkashi Silkyara Tunnel accident: উত্তৰাখণ্ডৰ ভূমিস্খলনত এতিয়াও আবদ্ধ ৭ ৰাজ্যৰ ৪০জন শ্ৰমিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.