Protest in Guwahati: সদৌ অসম আছোৱান পপ ইনচাৰ্জ সন্থাৰ প্ৰতিবাদ

By

Published : May 15, 2023, 8:41 PM IST

thumbnail

গুৱাহাটী,১৫ মে': দৰমহা নিয়মীয়াকৰণ, স্থায়ী নিযুক্তি আদিকে ধৰি বিভিন্ন সমস্যাৰ সমধানৰ দাবী তুলি সদৌ অসম আছোৱান পপ ইনচাৰ্জ সন্থাৰ উদ্যোগত গুৱাহাটীৰ বামুণীমৈদামস্থিত Amtron ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে অৰ্ধ শতাধিক পপ ইনচাৰ্জ কৰ্মচাৰীয়ে (All Assam Aswan Pop Incharge Association protest) । বিগত ৭ মাহে দৰমহা পৰা বঞ্চিত হৈ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হোৱা কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহা অতি সোনকালে মোকোলাই দিয়াৰ বাবে এমট্র'ন কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে ।  

সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সদৌ অসম আছোৱান পপ ইনচাৰ্জ সন্থাৰ সভাপতি উৎপল বৰ্মন আৰু সম্পাদক সুদামা দাসে কয় যে, যিটো সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে Digital India ৰ কথা কৈ আহিছে, সেই সময়ত অসম চৰকাৰৰ Digital ত কাম কৰা দুই শতাধিক কৰ্মচাৰীয়ে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে (Protest in Guwahati) ।  

ৰাজ্য চৰকাৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, উপায়ুক্ত কাৰ্যালয় আদিকে ধৰি ভিন্ন বিভাগৰ কাৰ্যালয়ত online কাম কৰি চৰকাৰৰ আঁচনিসমূহ সফল ৰূপায়ণ কৰাৰ বাবে কাম কৰি আহিছে ২০৬ গৰাকী কৰ্মচাৰী । কিন্তু ২০২২ বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা অৰ্থাৎ যোৱা ৭ মাহ ধৰি আচোৱান প্ৰকল্পৰ অধীন ত কাম কৰি থকা পপ ইনচাৰ্জসকলে দৰমহা নোপোৱাত এতিয়া পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে কৰ্মচাৰীসকল ।  

সেয়ে সন্থাই অতি শীঘ্ৰে বাকী থকা দৰমহাসমূহ মুকলি কৰি দিবলৈ amtron কৰ্তৃপক্ষ তথা চৰকাৰৰ ওচৰত দাবী জনাইছে । উল্লেখযোগ্য যে শেহতীয়াভাবৱে আচোৱান প্ৰকল্পৰ নাম সলনি কৰি বৰ্তমান Assam knowledge network ৰখা হৈছে । 

লগতে পঢ়ক: AATSA protest: একাধিক সমস্যা সমাধানৰ দাবীৰে নগাঁৱত আটছাৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.