Delimitation of district : বৰপেটা জিলাৰ দাবীত একক প্ৰতিবাদত বহিল কলাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ
🎬 Watch Now: Feature Video
Published : Aug 30, 2023, 5:33 PM IST
বৰপেটা, 30 আগষ্টঃ বৰপেটা জিলাৰ অংগক্ষত কৰি বৰপেটাৰোড, হাউলী, সৰভোগক বজালী জিলাত অন্তৰ্ভূক্তিক লৈ বৰপেটাত ক্ষোভ, অসন্তুষ্টি, প্ৰতিবাদ অব্যাহত ৷ বৰপেটাৰ বিশিষ্ট নাগৰিক, সাহিত্যিক, কলাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই মংগলবাৰে সাব্যস্ত কৰে একক প্ৰতিবাদ ৷ বৰপেটা প্ৰেছ ক্লাৱৰ সন্মুখত অক্ষয় কুমাৰ মিশ্ৰই একক অৱস্থান ধৰ্মঘট ৰূপায়ণেৰে ৰাজ্য চৰকাৰক সিদ্ধান্ত সলনিৰ বাবে আহ্বান জনায় ৷
বৰপেটাৰোড, হাউলী, সৰভোগক বজালীৰ পৰিৱৰ্তে বৰপেটাতে অন্তৰ্ভূক্তিৰ দাবী জনায় বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো এইক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ লগতে বৰপেটাবাসীৰ মৰ্মবেদনা অনুভৱ কৰিবলৈ আহ্বান সাহিত্যিকগৰাকীৰ ৷ বজালীবাসীৰ ইচ্ছা আৰু আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাই বজালীক এখন জিলাৰূপে ঘোষণা কৰাত কোনো ওজৰ - আপত্তি নাই আৰু থাকিব নোৱাৰে বুলিও তেখেতে উল্লেখ কৰে ।
কিন্তু প্রস্তাৱিত ধৰণে যেন বৰপেটা জিলাক খণ্ড-বিখণ্ড কৰা নহয় তাৰ বাবে চৰকাৰক অনুৰোধ জনায় । ৰেল লাইন ,ৰাষ্ট্ৰীয় ঘাইপথ আৰু প্ৰাপ্য বিশ্ববিদ্যালয় আদিৰ পৰা বঞ্চিত হৈ অহা বৰপেটা তথা বৰপেটাবাসীক পুনৰ বঞ্চিত নহ’বলৈ চৰকাৰলৈ দাবী জনায় বিশিষ্ট সাহিত্যিক, কলাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ।
লগতে পঢ়ক: Indo China relationship: চীনৰ মানচিত্ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী লৈ পত্ৰ লিখিলে অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিঙে