Akhil Gogoi slams AAP: AAP ক স্থিতি স্পষ্ট কৰাৰ আহ্বান অখিল গগৈৰ - Akhil Gogoi urges AAP to clarify its stand
🎬 Watch Now: Feature Video

ডিব্ৰুগড়.১৭ মে': সমাগত লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধী সকলোকে তৎপৰ হোৱা পৰিলক্ষিত হৈছে (Loksova election 2024) । শাসক দল বিজেপিৰ বিপৰীতে কংগ্ৰেছৰ নেতৃত্বত ১১ টাকৈ ৰাজনৈতিক দলে একলগে নিৰ্বাচন খেলাৰ বাবে আলোচনাত মিলিত হৈছে । কংগ্ৰেছৰ নেতৃত্বত এই ১১ টাকৈ ৰাজনৈতিক দলে প্ৰতিটো লোকসভা সমষ্টিত উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা কৰিছে । কিন্তু বিজেপিৰ বিৰোধী শক্তিৰ সৈতে আজিও চামিল হোৱা নাই আম আদমী পাৰ্টি (Aam Aadmi Party) ।
আপে ৰাজ্যৰ ১৪ টাকৈ লোকসভা সমষ্টিত নিজাববীয়া প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰাৰ পাছতেই ডিব্ৰুগড়ত বুধবাৰে আপৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে (Akhil Gogoi slams AAP) । আপক বিজেপি বিৰোধী শক্তিৰ সৈতে চামিল হ'বলৈ আহ্বান জনাই বিধায়ক অখিল গগৈয়ে কয় যে, বিজেপিৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰাৰ্থী দিলে বিজেপিক প্ৰতিহত কৰাতো কেতিয়াও সম্ভৱ নহয় (Akhil Gogoi urges AAP to clarify its stand) । তেনেস্থলত আপে পৃথককৈ প্ৰাৰ্থী দিলে কেৱল মাত্ৰ বিজেপিক সহায় কৰাহে হ'ব । যিটো যোৱা গুজৰাটৰ বিধানসভা নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিল ।
যদিহে আপে বিৰোধী শক্তিৰ সৈতে চামিল নহয় তেতিয়াহ'লে আপে ৰাইজৰ লগত থাকিব নে বিজেপিৰ লগত থাকিব সেইকথা স্পষ্ট কৰি দিবলৈ ডিব্ৰুগড়ত আহ্বান জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ।
লগতে পঢ়ক: Union Minister Ashwini Vaishnaw: অসমত আৰম্ভ কৰিব ইলেক্ট্ৰনিক উৎপাদনৰ উদ্যোগ: অশ্বিনী বৈষ্ণৱ