শিৱসাগৰত শিলাবৃষ্টিত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ দাবী অখিল গগৈৰ - শিলাবৃষ্টিত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণৰ দাবী অখিল গগৈৰ
🎬 Watch Now: Feature Video


Published : Dec 15, 2023, 2:06 PM IST
শিৱসাগৰ, ১৫ ডিচেম্বৰ : বুধবাৰে নিশা শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত হয় প্ৰবল শিলা বৃষ্টিপাত ৷ এই শিলা বৃষ্টিৰ ফলত জিলাখনৰ বহু অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি হয় ৷ এই ক্ষয়-ক্ষতিৰ পৰিমাণ বুজ ল’বলৈ শিৱসাগৰত উপস্থিত হয় বিধায়ক অখিল গগৈয়ে ।
শিৱসাগৰৰ বিধ্বস্ত অঞ্চলৰ লগতে বিধায়কগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকৰ ঘৰ-বাৰীও পৰিদৰ্শন কৰে ৷ শিলা বৃষ্টিৰ ফলত ক্ষতিসাধন হোৱা লোকসকলৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় চৰকাৰক । বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ নামতি আলি পঞ্চায়ত আৰু দোলাকাষৰীয়া পঞ্চায়তৰ বহুকেইখন গাঁৱত শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰে । ঘৰৰ টিনপাতৰ লগতে ঘৰৰ আচবাব, বাৰীৰ পাচলি, পথাৰৰ ধান আদিও নষ্ট হয় ।
বিধায়ক গগৈয়ে এই প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰা সকলক অনতিপলমে সমস্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু দুৰ্যোগ প্ৰশমণ বিভাগৰ মন্ত্ৰী যোগেন মহনক দাবী জনায় । কেৱল ক্ষতিগ্ৰস্তসকলক টিনপাত প্ৰদানৰে সমস্যাৰ সমাধান হ'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰি উন্নতমানৰ টিনপাত প্ৰদান কৰাৰ লগতে ফচল আৰু আন আন লোকচানৰ ক্ষতিপূৰণ দিবলৈ দাবী জনায় ।