thumbnail

By

Published : Aug 17, 2022, 3:24 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / Videos

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ (AJYCP protest in Golaghat) । অসমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান বিষয়ক পঢ়ুওৱাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP oppose english medium in primary level) । প্ৰাথমিক বিদ্যালয়ত অসমীয়া মাধ্যমৰ পৰিৱৰ্তে ইংৰাজী মাধ্যম প্ৰৱৰ্তনেৰে মাতৃভাষা মাধ্যমক প্ৰকাৰন্তৰে চৰকাৰী বিদ্যালৰ পৰা উঠাবলৈ অভিসন্ধি ৰচা আৰু ইয়াৰ ফলত নতুন প্ৰজন্মৰ মাজৰ পৰা অসমীয়া ভাষা হেৰাই যাব বুলি দাবী তুলি শীঘ্ৰে চৰকাৰক বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদানৰ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দাবী, প্ৰাথমিক বিদ্যালয়ত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত (National Education Policy) উল্লেখ থকাৰ দৰেই অসমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ ব্যৱস্থা প্ৰদান কৰক । গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গোলাঘাট জিলা সমিতি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰি অসম চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (AJYCP alleged Assam Government to destroy mother tongue) ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.