Formalin found in fish: ফৰ্মেলিন যুক্ত চালানী মাছৰ বিক্ৰী বন্ধৰ দাবীত AJCYP ৰ স্মাৰক পত্ৰ প্ৰদান - Formalin used Fish across market
🎬 Watch Now: Feature Video
নলবাৰী, ২৮ এপ্ৰিল : চালানী মাছেৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ (Formalin used Fish across market)। নগাঁও কলেজত বিশেষ গৱেষণাত চালানী মাছত ধৰা পৰিছিল ফৰ্মেলিন । তাৰ পিচতে সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছিল হাহাকাৰ । ইমানৰ পাচতো নলবাৰীৰ বজাৰত উভৈনদী হৈ আছে চালানী মাছ । শুকুৰবাৰে এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বজাৰত চালানী মাছ বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে (AJYCP leaders submit Memorandum) ।
ইতিমধ্যে চালানী মাছে জনস্বাস্থ্যৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিব বুলি জি এম চি এইচৰ অধ্যক্ষয়ো ৰাইজক অৱগত কৰিছে (Memorandum against imported Fish in Nalbari)৷ ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত বজাৰত চালানী মাছ বন্ধ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক: Formalin detected in fish: নগাঁৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ ছাত্ৰ পৰিষদ